মোৰো এখন হৃদয় আছিল-আয়নাল হক চৌধুৰী

Rinku Rajowar
0
ভালদৰে অনুধাৱন নকৰাকৈয়ে
মোক তুমি সহ্যাতীত আঘাত সানিবলৈ
অলপো কুণ্ঠাবোধ নকৰিলা ?

সত্য কি অন্বেষণ নকৰাকৈয়ে
ভুল ধাৰণাৰ বশৱৰ্তী হৈ
তুমি আঁতৰি গ'লা !

ভাবিছিলোঁ--তুমি সকলো বুজিবা
কিন্তু নুবুজিলা,
পঢ়িও নাচালা মোৰ দুচকুৰ ভাষা,
মইতো তোমাৰ হৃদয়ৰ লগত
খেলা নাছিলোঁ কোনোদিনে,
মোৰো এখন হৃদয় আছিল
তোমাৰ সপোন পূৰণ কৰিবলে--!

পৃথিৱীৰ সকলো সুখ দিব নোৱাৰিলেও
তোমাক সুখী কৰিবলৈ কৰিছিলোঁ
বহু কষ্ট--আপ্ৰাণ চেষ্টা--!
তথাপিও তুমি নুবুজিলা
হয়তো মোৰেই ভুল হৈছিল
তোমাক বুজি পোৱাত !
অভিশাপ নিদিওঁ তোমাক
সদায় কুশলে থাকা,
মাথোঁ মোৰ দৰে
অন্য এজনৰ হৃদয়ক লৈ
হেতালি নেখেলিবা...।

             
          ✍️ আয়নাল হক চৌধুৰী 
                      ধুবুৰী , আগমণি 
                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)