সংস্কাৰ, শিকোৱাটো মাক দেউতাক বা পৰিয়ালৰ সকলোৰে কৰ্তব্য।
ডাঙৰক আৰু শিক্ষাগুৰুক সচাঁ অৰ্থাৎ সন্মান কৰাটো আমাৰ বাবে প্ৰয়োজনীয় বিষয়।আজিকালি কিছু ল'ৰা - ছোৱালীয়ে কথা বতৰা নকৈ কেৱল ৰুম এটাত সোমাই ম'বাইলৰ লগতে কিবা- কিবি কৰি সময় কটায়।ঘৰলৈ কোনোবা আহিলে দুআষাৰ কথা ক'ব নিবিচাৰে আৰু কেতিয়া অতিথিজন যাব তাৰ বাবে ৰৈ থাকে।
মই এনেকুৱা বহুত মানুহৰ ঘৰত দেখিছোঁ সন্তানৰ দোষ লুকুৱাই পিতৃ-মাতৃয়ে মিছা কথা কোৱা ।পৰীক্ষাৰ ফলাফল বেয়া হ'লেও আনৰ আগত মিছাকৈ প্ৰশংসা কৰা ,আদি কাৰ্য্যই সন্তানৰ ভৱিষ্যত নষ্ট কৰাৰ লগতে ঘৰৰ মানুহক গন্য নকৰা হয়।এই ল'ৰা - ছোৱালী বোৰে যেতিয়া এইভাৱে থাকি বাহিৰত পঢ়িবৰ বাবে যাব লগীয়া হয়, তেতিয়া সিহঁতে কাৰো লগত সহজে মিলিব নোৱাৰি অকলশৰীয়াকৈ থাকি নিজৰ জীৱনটো পংগু কৰি ওলাই আহিব লগীয়া হয়। সেয়ে মাক - দেউতাকৰ প্ৰধান কৰ্তব্য হ'ল ল'ৰা - ছোৱালীক নিজৰ লগতে লৈ গৈ বিভিন্ন অনুষ্ঠান , লাইব্ৰেৰী, সংগীত,ছৱি অঁকা
খেলা- ধুলা আদিৰ যোগেদি সমাজৰ কামত
আগুৱাই লৈ যোৱাতো পৰিয়ালৰ বাবে অত্যন্ত জৰুৰী। বিভিন্ন মানুহৰ লগত পৰিচয়,বাহিৰত কিছু আমাৰ অসমতে,নানা ঠাইত ফুৰাবলৈ নি শিকিবলগীয়া
ঠাই সমূহ দেখুৱাতো প্ৰতিজন পিতৃ-মাতৃৰ দায়িত্বৰ ভিতৰত পৰে।তাৰোপৰি সিহঁতক কোনটো বস্তুৰ কিমান দাম,কি দৰে ভাল বস্তু চিনিব পাৰি এইবোৰ ল'ৰা - ছোৱালীক শিকোৱাটো বৰ প্ৰয়োজনীয়। পিজিত থৈ অহা ল'ৰা - ছোৱালী বোৰৰ কৰুণ পৰিনীতিত বহু সন্তানৰ ভৱিষ্যত ধ্বংস হোৱা দেখিছোঁ।সেয়ে আমাৰ জীৱন নিৰ্বাহৰ প্ৰণালী আমি প্ৰথম ঘৰখনৰ পৰা শিকিব লাগে। আমাৰ শিশুহতঁক
বহুতে খেলা- ধূলাৰ পৰা বিৰত ৰাখে।যিবোৰ কাম সৰুতে কৰিব নোৱাৰে ডাঙৰ হ'লে কষ্ট কৰিব নোৱাৰি লৰচৰ কৰিব নিবিচৰা সন্তানৰ শৰীৰত নানা ৰোগ-ব্যাধিয়ে লগ নেৰা হয়।যাৰ ফলত জীৱনতো বৰ কষ্টকৰ হয়। পিতৃ- মাতৃৰো সমানে বিলাই নাইকিয়া হয়।
আগৰ দিনত আমাৰ খেলাৰ লগৰীয়া আছিল।মইনা পাৰিজাতৰ
বিভিন্ন শিশুৰ খেলা- ধূলাই মনটো মুকলি কৰিছিল। আজিকালি যানবাহনৰ দ্ৰুত বেগী চলাচল আদিয়ে শিশুসকলৰ মুখৰ হাঁহি কাঢ়ি নিলে। পিতৃ-মাতৃ দুয়োজন যদি কৰ্মৰত হয় সেই সন্তানক আনৰ হাতত তুলি দিয়াত সিহঁতৰ শৰীৰত বল- বুদ্ধি কম হয়। সন্তানৰ সন্মুখত ৰাগীয়াল বস্তু সেৱন কৰা, কাজিয়া কৰা,আদি কাৰ্য্যই
শিশুক অতি খঙাল কৰি তোলে আৰু পিতৃ-মাতৃক সন্মান কৰিবলৈ
মন নকৰে।
অতি, আধুনিকতাইয়ো সন্তান হঁতৰ জীৱন চন্ছলময় কৰি তুলিছে।দামী গাড়ী, আৰামদায়ক বিছনা ,অনেক দামী আচবাব পত্ৰৰ মাজত শিশুৰ মস্তিষ্কত এক অহংকাৰী মনোভাৱে গঢ় লয়।যাৰ ফলত ডাঙৰে কথা ক'লে উচাৎ মাৰি লৰ মাৰা, দুখীয়া -গৰীৱক ঘিন চকুৰে চোৱা, দুখীয়াক পুতৌ নকৰা , শিক্ষাগুৰুক মিছা কোৱা আদি কাৰ্য্যই পিতৃ - মাতৃ নিজেই হেয় হ'ব লগীয়া হয়।
তাৰোপৰি কাৰোবাৰ ঘৰত গৈ " নাই মই এইবোৰ নাখাঁও , এইবোৰ কি দিছে নানান ধৰনৰ অজুহাত দেখাই নিজক বৰ ধনী মানুহ দেখাব বিচৰা পিতৃ-মাতৃৰ সন্তানৰ আচৰনে বিপদত পেলায়। সেয়ে সুসন্তান গঢ় দিবলৈ হ'লে ঘৰখনহে শিক্ষাৰ প্ৰথম ভেটি।এই ভেটি সুদৃঢ় হ'লে এখন ঘৰ ভাল হ'ব,সমাজ ভাল হ'ব দেশৰ প্ৰগতিত সন্তানৰ ভৱিষ্যত উজ্জ্বল হ'ব।
✍️জিলমিল বৰঠাকুৰ ,লংকা।
ফোন নং - ৯১০১১১৬৪২৯
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ