মা -ঋতুৰাজ বৰগোহাঁই

©Admin
0
তোমাৰ কোলাতে আই
মেলিলো প্ৰথম চকু
কত যে দুখ পাহৰি 
ল'লা তুমি সাৱটি ।
মৌ-মিঠা মাতে 
সুবাস বোৱালা ,
শুৱালা তোমাৰ কোলাতে আই
নিগৰালা তুমি--
'আমাৰে মাইনা শুৱয়ে
বাৰিতে বগৰী ৰুৱয়ে ,
আমাৰে মইনাই বুটলি খাব' ।।
কৰিছিলা স্নেহ মোক
দুগালত চুমা খায় ,
তুমিয়েই মোৰ মৰমৰ আই ।
মৰমৰ আই 
যোনে মোক চাই 
দেখে স্বপ্ন ।
এখোজ দুখোজ কৰি
অ'ত ত'ত পৰি ধৰি
ধৰনীত দিলা ভৰি 
পৰিলেনো কোনে পাই ততালিকে লৰি
তেৱেঁই মোৰ মৰমৰ আই ।
প্ৰতি খোজ প্ৰতি সময়ৰ
তুমিয়েটো মোৰ জীৱন প্ৰেৰণা ,
সময়ৰ অনুপাতে 
তুমি অভিমানী হোৱা
মই অভিলাসী হৈছো
মা তুমি মা হৈ ৰৈ যোৱা ।।


🖋️ঋতুৰাজ বৰগোহাঁই 
ঘৰ : নামদাং গোহাঁই গাঁও (শিৱসাগৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)