শুভ মাতৃ দিৱসৰ শুভেচ্ছাৰে-শিল্পী দাস

©Admin
0
মা তোমাৰ অবিহনে কিছুমান স্মৃতিৰে মোৰ এই জীৱন।শুভ মাতৃ দিৱস বুলি নহয় তুমি মানে তুমিয়েই , তোমাক দিয়া হৃদয়ৰ ঠাইত তুমি মোৰ ভগৱান। তুমি মোৰ প্ৰথম ভালপোৱা, তুমিয়েই মোৰ সকলোতে প্ৰথম, তোমাৰ অবিহনে শূণ্য মোৰ এই জীৱন। জীৱন স্ৰোতত বুজিলোঁ তুমিয়েই এজন,যি বুজিছিল মোৰ হৃদয় পৃষ্ঠাৰ সুখ-দুখৰ গোপন কথা।শত ৰাগ-অভিমানৰ পিছত তুমিয়েই এজন যিজনে আকৌ আঁকোৱালি লৈছিলা। মোৰ দুখত দুখী হোৱা, মোৰ সুখত সুখী হোৱাজনীয়েই তুমি । মই তোমাতেই বিলীন,তোমাতেই সৃষ্টি, তোমাতেই প্ৰতি উশাহ। তুমি যোৱাৰ অভিজ্ঞতাৰে বুজিলোঁ দুদিনৰ কাৰণে সকলো আহে আকৌ সময় বুজি গুচি যায় কিন্তু তুমি তাত এজন মৰিও অমৰ হৈ থাকা।মা তোমাৰ কাহিনী সাত জনমতো শেষ নহ'ব লিখি,শেষত ক'ব বিচাৰোঁ ক্ষমা কৰিবা মা তোমাৰ লগত কৰা কিছুমান ভুলৰ আৰু পাৰিলে এবাৰ আহিবা অপেক্ষাত ৰৈ আছোঁ,বৰ ভালপাওঁ মা।।

                  তোমাৰ সৰু ছোৱালী
                          শিল্পী দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)