সেয়াই ঐতিহ্যময়ী শিৱসাগৰ,
যাৰ ধূলি - বালিৰ বুকুত উমলি -জামলি
যাৰ হাৱা- পানী খাই, প্ৰকৃতিৰে পৰিৱেষ্টিত
সেউজীয়া বুকুত ডাঙৰ - দীঘল হʼলো,
যাৰ পশু - পক্ষীয়ে সদায়ে পুৱা - সন্ধ্যা
অস্পষ্ট ৰাগিণীৰে আদৰণি জনায়,
যিখন জিলাত মোৰ জন্ম বুলি
গৌৰৱৰ অগণি জ্বলাও ,
মোৰ প্ৰাণৰো প্ৰাণৰ
তাৰেই নাম শিৱসাগৰ..
জিলিকি আছে ইয়াৰ স্বৰ্ণিল ঐতিহ্য।
শিৱসাগৰ...
চাহ আৰু তেল উদ্যোগৰ অনন্য কেন্দ্ৰ
স্থানীয় আৰু বিদেশী চৰাইৰ বাবে ভূ-স্বৰ্গ,
দিচাংমুখে বিয়পাই অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য।
ছশ বছৰীয়া আহোম ৰাজবংশৰ
বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ,
ৰূপহী পথাৰত জিলিকি আছে
পেভিলিয়ন সদৃশ ৰংঘৰ ;
কাৰেংঘৰ , তলাতল ঘৰ আৰু গোলাঘৰ
চিৰন্তন উজ্বল নিদৰ্শন।
শিৱসাগৰৰ চৰাইদেউতে
স্বৰ্গদেউসকলে সজালে অজস্ৰ মৈদাম..
দিখৌ মুখৰ আজান পীৰৰ দৰগাহেও
শিৱসাগৰক ৰাখিছে জিলিকাই,
এই নদীৰ পাৰতেই অসমীয়া প্ৰথম কাকত
অৰুণোদয়ৰো হৈছিল অভ্যুত্থান।।
শিৱদৌল, জয়দৌল, বিষ্ণুদৌল,ৰুদ্ৰদʼল
আৰু কʼত যে দʼলে ঐতিহ্য বহন কৰি আছে,
তাৰেই ভিতৰত শিৱদৌলৰ সোণৰ কলচীয়ে
বিদেশী পৰ্য্যটকক প্ৰলোভিত কৰিছে।
জেৰেঙা পথাৰত জয়াৰ স্মৃতি
আজিও আছে বিয়পি,
যিয়ে দিছিল পতিব্ৰতাৰ অপূৰ্ব কৃৰ্তি ।
মোমাইকটা গড়ে আজিও
পাহৰি যাবলৈ দিয়া নাই লাচিতৰ স্বদেশপ্ৰীতি।
কত ইতিহাস শত ঐতিহ্যৰে
উজ্বলি আছে এই শিৱসাগৰ,
জয়সাগৰ, শিৱসাগৰ, গৌৰীসাগৰ পুখুৰীয়েও
আজিও জিলাকাই ঐতিহ্যৰ চিন ।
জয়সাগৰৰ পাৰৰ শিৱসাগৰ কলেজে
স্বীকৃতি পালে বিশ্ববিদ্যালয় হিচাপে,
সেয়েহে হয়তো সৰ্বোচ্চ শিক্ষাৰ হাৰ
গঢ়ে এই শিৱসাগৰে ।
আহোম স্বৰ্গদেউসকলৰ
পাঁচশ পঁচপন্নটা কীৰ্তিচিহ্নই
দেশী - বিদেশী পৰ্য্যটকক কৰিছে আকৰ্ষণ ...
এয়ে মোৰ প্ৰণৰো প্ৰাণৰ , অতি মনোহৰ
নামেই যাৰ পৰিচয়
মোৰ মৰমী শিৱসাগৰ..।।
✍️পৰিস্মৃতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ