শ্যামলীনা অসম -পৰিস্মৃতা দত্ত

Rinku Rajowar
0
প্ৰকৃতিৰ নোমলী জীয়ৰী অসমী আই 
স্ৰষ্টাৰ মহিমাময়ী ৰূপৰ চিৰন্তন প্ৰতিফলন..
অসম প্ৰাকৃতিক সৌন্দৰ্য্যৰ এটি এটি জ্যোতিপুঞ্জ
অসমৰ গাঁও - ভুঁইৰ তামোলৰ শাৰীবোৰ...
পাহাৰৰ দাঁতিয়ে দাঁতিয়ে যোজন বিয়পা বাগিচাৰ জোপোহা জোপোহা
চাহপাতৰ গছবোৰ...
 সৌন্দৰ্য্যৰ অক্ষয় ভাণ্ডাৰ। 
লুইতৰ বুকুৰ মাজত 
শ্যামল ঘাঁহনিৰে ঢকা চাপৰিবোৰ ...
শাৰী শাৰী গিৰিমালাবোৰ..
নিখিল নীলিমা ব্যাপী পাহাৰৰ উপত্যকাবোৰ..
সৌন্দৰ্যৰ একো একোটি স্ফূলিংগ।।

প্ৰকৃতিৰ কি যে অপূৰ্ব লীলা
অসমীক এনে অপৰূপ, শ্যামলী , 
বিনন্দীয়া ৰূপেৰে সজাই দীপলিপ সুন্দৰী 
কন্যা সাজি জিলিকাই ৰাখিছে যে
ইয়াৰ অংগে অংগে মনোৰম  শোভা 
হিয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কমনীয় কান্তি; 
সৌন্দৰ্যৰ স্বৰ্গপুৰী নীলিম অসমভূমি 
প্ৰকৃতিৰ বৰ জীয়ৰী, 
যাৰ সৌন্দৰ্যতাৰ নাই কোনো আদি।।

সৌন্দৰ্যৰ বাদেও আছে
অসমৰ মানুহৰ বল - বীৰত্ব 
তাকেই দেখি মোগল হৈছিল স্তম্ভিত।
এই স্বৰ্গপুৰী অসমতে
ধৰ্মগুৰুসকলেও বিলাই থৈ গৈছিল
বেদ - উপনিষদৰ অমিয়া তত্ত্ব 
সেয়েহে অসমীয়া মানুহৰ নাই কোনো
উচ্চ - নীচ , ভেদাভেদৰ প্ৰাথক্য ।।

সেয়েহে  স-গৌৰৱে কওঁ 
মোৰ জন্ম অসম 
মোৰ জন্মদাত্ৰী পিতৃ - মাতৃ অসম 
মোৰ পূৰ্বপুৰুষ অসম 
মোৰ জাতি অসম
 মোৰ ধৰ্ম অসম 
মোৰ কৰ্ম অসম 
মোৰ জীৱন অসম 
মোৰ মৃত্যু অসম 
মোৰ শেষ নিশাহটিলৈ স-গৌৰৱে কম কেৱল
         "জয় আই অসম"
               "জয় আই অসম" 
                     " জয় আই অসম" ।। 
 
◾শ্ৰী পৰিস্মৃতা দত্ত, শিৱসাগৰ
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)