অ মোৰ আপোন -ৰুম্পী দাস

Rinku Rajowar
0
অ মোৰ আপোন ...
তুমিই মোৰ সপোন ,  
নাভাঙিবা মোৰ হৃদয়ৰ দাপোন ।
অ মোৰ আপোন ...
মোৰ দুচকুৰে দেখা তোমাৰ ছবি আঁকিলো 
তোমাক দেখি মিচিকিয়া হাঁহি মাৰিলোঁ ,
তোমাক কিমান ভালপাওঁ সেয়া বুজাবলৈ বহু চেষ্টা কৰিলোঁ ।
অ মোৰ আপোন ...
মোৰ মুখখন ধুনীয়া নহয় বুলি ঘৃণা নকৰিবা 
কেতিয়াও মোক অকলশৰীয়া কৰি দূৰলৈ গুচি  নাযাবা ,
মোৰ বিশ্বাসৰ বিশ্বাসঘাতক নহ'বা ।
অ মোৰ আপোন ...।


✍🏻ৰুম্পী দাস
     ভালুকমাৰী 
  ৰাণীপুখুৰী , হোজাই 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)