হেপী বাৰ্থডে টু ইউ -টংকেশ্বৰ পাঠৰী

0
ভালপোৱাৰ দিনবোৰ গলি গলি আহে
একোটা জন্মদিন ধৰালৈ
এয়া বিশ্ব চৰাচৰ জীৱৰ প্ৰেমৰ আৰ্শীবাদ
নে অভিশাপ।

চোৱা, পিছলৈ চোৱা এবাৰ
 আজি তোমাৰ হাতত ভালপোৱাৰ এখন
উদ্যত ধাৰাল ছুৰী
আৰু হৃদয়কোমল  কেক এটা
বচ্ ,  সিয়েই আজি খুলি দিব সকলো
অতীত তোমাৰ

তাৰ আগতে  এবাৰ  ভাৱি লোৱা
ভাৱি লোৱা যে তুমি জন্মাৰ আগতে
 আছিলা ক’ত
ক’ত আছিল তোমাৰ উশাহবোৰ
ক’ত আছিল তোমাৰ জীৱনৰ ৰংবোৰ
তুমি খেলিছিলা ক’ত
তেতিয়া কাক দেখিছিলা
 চিনাকি তোমাৰ কোন আছিল 
তেতিয়া

ভাৱিলোৱা তোমাক
আয়ে আহ্বান কৰিছিল
নে পিতায়ে
তোমাৰ কথা প্ৰথমে পিতায়ে ভাৱিছিল
নে আয়ে
তোমাক দেখি প্ৰথমে আয়ে হাঁহিছিল
নে পিতায়ে
তোমাৰ বাবে  আইৰ বুকুখন আপোন
নে পিতাইৰ মৰমৰবোৰ আপোন
নাম তোমাক আয়ে দিছিল
নে পিতায়ে
 এতিয়া পৃথিৱীৰ মৰমত দীঘলকৈ এটা 
উশাহ লোৱা
আৰু দুচকু বন্ধ কৰি ভাৱা - 
তুমি আইৰ নিচিনানে পিতাইৰ নিচিনা

এটি নৱজাতক হৈ হাস্পতালৰ বিছনাত
 সেইদিনা তুমি কান্দিছিলা 
কান্দিছিলা
দুখৰ সাগৰত ডুবিবলৈ আহিলো বুলি
নে সুখৰ সাগৰত 

অকলে আহিলো বুলি
নে নাঙঠ হৈ আহিলো বুলি 
আজি তোমাৰ বাবে তোমাৰ অপেক্ষাত
 সুতীক্ষ্ণ এখন ছুৰী
 এটা কেক
 এটা জন্মদিন 
আৰু এটা সোঁৱৰণি...

হেপী বাৰ্থডে টু ইউ
হেপী বাৰ্থডে টু ইউ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)