পাহৰি গৈছিলো সময় যে
হাতৰ মুঠিৰ বালি...
কোনফালেদি সৰকি গ'ল
গমেই নাপালো...
বাখৰুৱা হিয়াখনত আলফুলে
সাঁচি ৰখা মৰম কণ
কেতিয়ানো অস্পৃশ্য হ'ল
ধৰিৱই নোৱাৰিলো...
নৈশব্দৰ কোলাহ'লত
বিচাৰি ফুৰিছো মোৰ পয়া লগা
জীৱনৰ অস্তিত্ব...
সি গোৱা গানটোত কৰুণতা
আছিল জানো
তেনে কিয় মোৰ কাণত কৰুণ হৈ
বাজিছিল তাৰ গান...
পানীৰ অভাৱত
চাতক চৰাইজনী নিঃশেষ হোৱাৰ
কথা হে কৈছিল সি...
তেতিয়া মোৰ চকু কিয়
পানীৰে ভৰি উঠিছিল...
হয় তাৰ গানে কৰুণতাৰ
চৰমসীমা পাইছিল
সি গাইছিল মাটি আৰু মানুহৰ গান...
আৰু গাইছিল
লিখনিৰ ধাৰাল সোঁতত উটি যোৱা
ৰজা মহাৰজাৰ বিলাসৰ গান...।
◾নমিতা চৌধুৰী
হাউলী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ