সূর্য দেৱতা-ফাৰুক হুছেইন

Rinku Rajowar
0
পাহৰিব খোজানো কিয়?
     আমাৰ গভীৰ সম্বন্ধ,
         তুমি বিচাৰিলেও
            নোৱাৰোঁ মই,
              তুমি বিনে নাই পূর্ণতা ;
               তুমি যে সূর্য দেৱতা।
 
চিৰ আন্ধাৰে আবৰিত মুখখন, 
   তোমাৰে স্নিগ্ধ জ্যোতিত, 
       ফৰকাল পূৰ্ণিমাৰ ৰাতি 
          হৈ পৰোঁ মডেলিং কৰা চন্দ্ৰমা । 

কি অপূৰ্ব মোহ তোমাৰ!
  সৌৰজগত ৰাজত্ব তোমাৰ;
     তোমাৰে ৰাজকাৰেঙৰ,
         নর্তকী ম‍ই অপ্সৰা । 

এয়াই চিৰন্তন সত্য,
   যুগ যুগান্তৰ প্ৰেম সম্পর্ক 
       মোৰ চিৰ আৰাধ্য 
           তুমি সূর্য দেৱতা ।

                                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)