ফুলিব ধৰিছে সেই ৰক্তাক্ত গোলাপৰ পাহিবোৰ
ভয় লাগে মাথোঁ
আকৌ হেৰাই যাব নেকি সেই সপোনবোৰ
তথাপিও সপোনবোৰ উজ্জীৱিত হ’ব বুলি তোমাকেই বিচাৰি লৈছোঁ
মেলি দিবানে বাৰু মোক সহায়ৰ হাতটি
বুকুত বান্ধি লৈছোঁ অলেখ সপোন
নাভাগিবা সেই সপোনৰ কলিটি
মোৰ সপোনৰ বৃন্দাবনত তুমিয়ে আছা ফুলি
জিৰণি ল’বৰ বাবে দুৱাৰ ৰাখিছোঁ খুলি
পাহৰি যাব খোজোঁ জীৱনৰ সন্ধিয়া বেলাত
অতীতৰ কথাবোৰ পাহৰি বিচাৰোঁ আগ বাঢ়ি যাবলৈ
সময়ে হাঁহি দেখুৱাই
কাৰণ
সুখ আৰু দুখ সময়ৰ মতেই হয়
একো নাই তথাপিও সুখী সপোনৰ তুমিয়ে গৰাকী
মই জানো উভতি নাহে সেই সপোনবোৰ
মই জানো উভতি নাহে সেই ৰক্তাক্ত গোলাপৰ পাহিবোৰ
মাথোঁ উজ্জীৱিত হ’ব ধৰিছে সেই সময়ৰ ৰক্তাক্ত গোলাপৰ পাহিবোৰ
সপোনক সাৰথি কৰিয়ে জীয়াই আছোঁ মই
মাথোঁ খোজ দিবলেহে ভয়
▪️ৰাজু কলিতা, মাজুলী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ