মৰাণ জনগোষ্ঠীৰ গছ তলৰ বিহু আৰু ৰাতি বিহু-লহৰজ্যোতি মৰাণ

©Admin
0
“গেৰগুৱা পাতেৰে অ’ হই ৰাম
বিহুঘৰ সাজিলোং অ’ হই ৰাম
মাৰলি নেখালে জোৰা;
গোপাল গোবিন্দাই ৰাম....”


মৰাণ জনগোষ্ঠীৰ অসমৰ ভূমিপুত্র অন্যতম এটা জনগোষ্ঠীৰ। তেওঁলোকে বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, অৰুণাচল প্ৰদেশত বসবাস কৰি আছে। তেওঁলোকে পৰম্পৰাগত উৎসৱ সকলৰ ভিতৰত ব'হাগ বিহু অন্যতম । ব'হাগ বিহুত গছ তলৰ বিহু গোৱা হয়। নিশা ভাগত 'ৰাতি বিহু' গোৱা হয় । 

"হাঁচতি ঐ চ’ত বিচতি অ-ই চ’ত
বুধে বিৰচতি(বৃ্হস্পতি) মঙলে উৰুকা
বিহু গৈ আছিলি ক’ত?”

ব'হাগ মাহৰ প্ৰথম বুধবাৰে গৰু বিহু পালন কৰে। তাৰ পিছত মানুহ বিহু, গোঁসাই বিহু,শেষত চেৰা বিহু সামৰণি পৰে। গছ তলৰ বিহুত নাচনী সকলে ডেকা সকলক চাকচনি দি বিহু গীত জুৰিবলৈ আগবঢ়াই দিয়ে। ডেকা সকলে হেঁপাহ পলুৱাই প্ৰকৃতি-প্ৰেম,নদ-নদী, জান-জুৰি, পাহাৰ-পৰ্বত, প্ৰেম-প্ৰীতি লৈ অনুভৱৰ গীত জুৰি গাভৰু সকলক নচুৱাই। 
"ৰাতি বিহু " - ৰাতি বিহু গোৱাৰ আগতে ডেকা সকলে তামুলৰ খুম লৈ আগতীয়াকৈ মাক-দেউতাক সকলক ঘৰে ঘৰে গৈ গাভৰু সকলক ৰাতি বিহু গাবলৈ খুজিব যায়। অভিভাবক সকলৰ অনুমতি পালে গাভৰু সকলক ডেকা সকলে ৰাতি তেলৰ চুঙা (ব'ম) লৈ ৰাতি বিহু গাবলৈ অনা হয়। ৰাতি বিহু গাবলৈ গাভৰু সকলক লৈ আহোতে ডেকা সকলৰ দায়িত্ব বহুত থাকে। কিয়নো ৰাতি বিহুৰ তলিৰ পৰা গাভৰু সকল বেলেগ গাঁৱৰ ডেকা সকললৈ পলাই গ'লে (বিবাহ হ'লে ) পিচত খেৰৰ জুমুঠিৰে গাভৰু আৰ্হি তৈয়াৰ কৰি দিম বুলি অভিভাবক সকলক প্ৰতিস্তুতি দিয়ে। এনেদৰে দায়িত্ব সহকাৰে লৈ ডেকা সকলে গাভৰু সকলক লৈ আছে। বিহু তলিত দুই কোঠোলিয়া বিহু ঘৰত এফালে ডেকা এফালে গাভৰু সকলে বিহুৰ ঘৰত ঘূৰি ঘূৰি বিহু গীত জোৰে। পিছত অন্য গাঁৱৰ ডেকা সকল আহিলে। বাঁহৰ বেৰা বান্ধি দিয়া দাং কেইডালত কাষত ৰৈ থাকে। গাভৰু সকলৰ ওচৰত আহি চাকচনি মাৰি (বাঁহৰ লাঠি) আগবঢ়াই দিয়ে। তেনেদৰে চা-চিনাকী হয়। ওৰে নিশা চাকচনি তালে তালে গীতৰ সুৰে গাভৰু সকলে ওৰে নিশা নাচ পৰিবেশন কৰে। পুৱা ভাগত ডেকা সকলে নাচনী সকলৰ পিছে পিছে গৈ তেওঁলোকৰ ঘৰে ঘৰে আলহী হয়। এনেদৰে ডেকা গাভৰু সকলৰ মন মিলে। পিচত পলুৱাই লৈ যায় বিবাস পাশত আবদ্ধ হয়। এনেদৰে মৰাণ জনগোষ্ঠীৰ গছ তলৰ ৰাতি বিহু গোৱা হয়। 

শেহতীয়া ভাৱে সমগ্র ৰাইজে উপভোগ কৰিব পৰাকৈ কেইবাখনো ঠাইত এদিনিয়াকৈ "ৰাতি বিহু" উদযাপন কৰা হয়। তেওঁলোকে অসমবাসী ৰাইজক আৰু স্বদেশী-বিদেশী পৰ্যটকৰ ক্ষেত্ৰত দেখুৱাৰ বাবে কেনেকৈ মৰাণ জনগোষ্ঠীৰ "ৰাতি বিহু" গায়। ইয়াৰ ভিতৰত উজনি অসমৰ "কাকপথাৰ ৰাতি বিহু" আটাইতকৈ ডাঙৰ ব্যয়বহুল। এইবাৰ দ্বাদশ বাৰ্ষিক কাকপথাৰ ৰাতি বিহুত অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী উপস্থিত থাকে। ৰাতি বিহু চাই সকলোৱে উৎফুল্লিত হয়। 

অসম চৰকাৰৰ পৰ্যটন উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা বৰুৱাই ৰাতি বিহু সম্পর্কে কয় যে- "অহা বছৰৰ পৰা ৰাতি বিহু ৰাষ্ট্ৰীয় ফ্ৰেষ্ট্ৰিৱেল ট্যুৰিজিম কেলেণ্ডাৰত অন্তর্ভুক্ত কৰা হ'ব। স্বদেশী-বিদেশী পৰ্যটক সকলৰ অন্যতম আৰ্কষণৰ কেন্দ্ৰবিন্দু লৈ পৰ্যবেক্ষিত কৰা হ'ব ৰাতি বিহু।"

সাংস্কৃতিক উন্নয়ন বিভাগৰ মন্ত্ৰী বিমল বৰা ৰাতি বিহুৰ বিষয়ে মত দিয়ে যে- "ৰাজ্য চৰকাৰৰ  বিভাগৰ কাৰ্যসূচীত মৰাণ সকলৰ গছ তলৰ বিহু আৰু ৰাতি বিহু ৱে স্থান পাব।"

শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী সচিব- ড° সুদৰ্শন ঠাকুৰ দেৱ, তেওঁ ৰাতি বিহুৰ সন্দেৰ্ভত মত দিয়ে যে- "চলিত বৰ্ষৰ পৰাই ৰাতি বিহুক সংৰক্ষণ আৰু সংবৰ্ধন কৰিবলৈ চিন্তা চৰ্চা কৰিম।"

ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ ৰিডাৰ অধ্যাপক ড° সত্যকাম বৰঠাকুৰ ছাৰ তেওঁ ৰাতি বিহুৰ সম্পর্কে কয় যে- "গৱেষক ছাত্ৰ-ছাত্ৰী সকলে এতিয়াৰে পৰা ৰাতি বিহুক লৈ গৱেষণা কৰিব যাতে অসমৰ কৃষ্টি পথাৰত ৰাতি অধিক জিলিকি থাকিব।"

এনেকৈয়ে ৰাতি বিহু মৰাণ জনগোষ্ঠীয়ে সদায় তেওঁলোকৰ পৰম্পৰা স্বকীয় ৰীতি-নীতি জীয়াই ৰাখিব । আহিব এবাৰকৈ নিচেই কাষৰ পৰা চায় যাবহি কাকপথাৰ ৰাতি বিহু।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)