নিৰৱতা- দিপশিখা ৰাজকোঁৱৰ

0
নিঃস্তব্ধ সময়ৰ নিৰৱ নিশা
তোমাৰ সতে কথা পাতো 
অভিমানভৰা কথাবোৰ
ডায়েৰিৰ পৃষ্ঠা লুটিয়াই
তোমাক পঢ়ি শুনাও
কপা কপা মোৰ শুকান ওঁঠৰে।
জোনাকী পৰুৱাৰ পোহৰে
মোৰ চকুলো জিলিকাই 
তোমাৰ মৰিশালীৰ কাশে কাশে
অচিনাকী চৰাইজাকে বিনাই ।
জোনৰ আৰে আৰে আকাশৰ
তৰাবোৰে মোক জুমি জুমি চায়
কিন্তু তুমি অভিমান সামৰি
এবাৰো মোক নোচোৱা কিয়?
তোমাৰ অবিহনে সকলো ৰংহীন দেউতা
অভিমানী মনো এতিয়া উদাস
উন্মনা হিয়াও এতিয়া নিঃসংগ 
সকলোতে মাথোঁ নিৰৱতা দেউতা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)