ঠিকনা-বনজিত ডেকা

Rinku Rajowar
0
ঘনাই সলনি হৈ আছে মোৰ ঠিকনা।
যি বাটে আহিছো আগুৱাই নোকোৱাই ভাল জানা।
উপজিয়েই লভিলোঁ আইৰ মসৃণ নিমজ কোলা
সেয়াই চাগে হৈ ৰ'ব মোৰ জীৱনৰ সুখৰ একমাত্ৰ ঠিকনা।
কাঁইটীয়া বাটেৰে শৈশৱ পাৰ কৰি 
ধুলিময় কৈশোৰত দিলো ভৰি।
যৌৱনতো আছিল ৰৈ ত্ৰিকোণীয় শিল পৰা বাট 
পালোহি মহানগৰ বিচাৰি পেটৰ ভাত।
সিফালৰ ঠেলাত ইফাল খহি যায় 
শূন্য চৌপাশ হতাশাই টোপনি কাঢ়ি লৈ যায় ।
এন্ধাৰ ফালি পোহৰ বিচাৰোঁ 
নেদেখো ক'তো আশাৰ চাঁকি
ঠিকনা হেৰাল বুলি কতবাৰ থমকোঁ
তথাপি আশাক জীয়াই ৰাখোঁ।
আতৰিব অমাৱস্যা, আহিব পোহৰ 
এন্ধাৰ আঁতৰি নামিব পোহৰ
ঠিকনা হ'ব আইৰে কোলা পুনৰ।

✍️বনজিত ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)