এধানি সুখৰ সন্ধানত-ৰিমাশ্ৰী কোচ ৰাজবংশী

Rinku Rajowar
0
অনুভৱবোৰ ক্ৰমশঃ লোপ পাব ধৰিছে
মন - হংসই ক'ৰবাত বাট হেৰুৱাইছে 
চাৰিওফালে দেখিছোঁ কেৱল অন্ধকাৰ।

হেৰাই গৈছে হৃদয়ৰ ভাষা
থমকি ৰৈছে গতিশীল তুলিকা
জীৱন পৃষ্ঠাবোৰ উকা হৈয়ে ৰ'ল 
লিখিম বুলিও লিখিব পৰা নাই কবিতা ।

বেদনাৰ উল্কাবোৰে দিনে নিশাই হৃদয় দহে
বিষাদৰ অশ্ৰুবোৰে সাগৰত দলিচা পাৰে।
সুখবোৰো হেৰাই গ'ল জীৱন ডায়েৰীৰ পাতত 
প্ৰতিপল দুখৰ ঢৌৱে ছুনামীৰ সৃষ্টি কৰে মন সাগৰত ।

ভালপোৱাবোৰ বুটলি লৈ গাঠিছিলোঁ প্ৰেমৰ মালিতা,
পিছে পিন্ধাবলৈ নৌপাওঁতেই ছিগি গ'ল আকলুৱা হৃদয়ৰ আলসুৱা সূতা ।

ভগ্ন হৃদয়েৰে পুনৰ ৰচিছিলোঁ জীৱন কবিতা
কিন্তু বাৰে বাৰে হেৰাই যায় সপোনৰ ঠিকনা।
সপোনৰ ঠিকনা বিচাৰি মইযে এতিয়া দিশহাৰা !

এদিন হঠাৎ স্তব্ধ হৈ পৰিব মোৰ হৃদয়ৰ স্পন্দন
চাৰিওফালে বিৰাজ কৰিব কেৱল নিস্তব্ধ,নীৰৱতাই ,
তেতিয়াই মই গুচি যাম ওঠঁত মিছা হাঁহিটি লৈ
সুখৰ সন্ধান বিচাৰি অন্য এখন পৃথিৱীলৈ ।

                    🖋️ৰিমাশ্ৰী কোচ-ৰাজবংশী
                                 একাদশ শ্ৰেণী
‌                                   ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)