শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছিল হে পাৰ্থ জীৱনৰ সুখ,দুখ,কষ্ট, ধন, ঐশ্বৰ্য্য, ৰোগ, ভয়, ধন,শক্তি, হতাশা আৰু অহমিকা সকলোবোৰ বাস্তৱিক যদিও চিৰস্থায়ী নহয়। ভুল চিন্তা, দৃষ্টিভংগী, বিশ্বাস আৰু মনোভাৱৰ বাবে আমাৰ মনত সুখ আৰু দুখৰ সৃষ্টি হয়। ই নিৰ্ভৰ কৰে আমি এইবোৰ কেনেদৰে গ্ৰহণ কৰো আৰু সেইবোৰৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ তাৰ ওপৰত। পাৰ্থিৱ জীৱনৰ দুখ, যন্ত্ৰণা আদি সমস্যাৰ পৰা মুক্তি পাব লৈ সেইবোৰৰ আৰঁত অন্তৰ্নিহিত কাৰণসমূহৰ বিষয়ে আমি বিশ্লেষণ কৰি নিজৰ আভ্যন্তৰীণ ৰূপান্তৰ কৰিব পাৰিব লাগিব। দৰাচলতে ধনী, দুখীয়া, বলী, নিৰ্বলী, ৰোগী আৰু নিৰোগীৰ সংজ্ঞাৰ ওপৰতে আমি এজন মানুহক সুখী আৰু দুখী বুলি বিচাৰ কৰো। কিন্ত প্ৰকৃততে ই সত্য নহয় । চিৰন্তন সত্যটো হৈছে পৃথিৱীত সমস্ত জীৱৰে সৃষ্টি হৈছে পৰিণাম ভোগৰ বাবে সেইয়া হৈছে কৰ্মৰ পৰিণাম। আমি এই পৰিণাম ভোগ কৰাৰ পৰা কোনোৱেই হাতসাৰি যাব নোৱাঁৰো । আমি সকলোৱেই নিজৰ ইচ্ছা, চিন্তা আৰু কৰ্মৰ অনুযায়ী পৰিণাম ভোগ কৰো ।
প্ৰধানকৈ আমি কোনটো ভূল কোনটো শুদ্ধ নজনাৰ বাবে, মোহ আৰু মনৰ অনুৰাগৰ বাবে আৰু প্ৰকৃত জ্ঞানৰ অভাৱ বাবে পৃথিৱীত জন্ম লৈ ক্লেশ ভোগ কৰোঁ । এই পাৰ্থিব জগতত চড়ম সুখৰ কোনো সংজ্ঞা নাই আৰু ইয়াৰ প্ৰাপ্তিও অসম্ভৱ । কাৰণ আমি কিবা পাবলৈ হলে কিবা হেৰুৱাব লগীয়াটো প্ৰকৃতিৰ নিয়ম । সেই বাবে দুখ ভোগ কৰাৰ পাছত সুখ উপভোগৰ সুযোগ পোৱা, সুখ উপভোগ কৰাৰ পাছত দুখ ভোগ কৰিব লগীয়া হোৱাটেই হৈ সংসাৰৰ চক্র । সামগ্ৰিকভাৱে ক’বলৈ গ’লে দুখ-কষ্ট হৈছে এই বস্তুগত জগতখনৰ স্বভাৱিক প্ৰক্ৰিয়া , আৰু আমি যি সুখ উপভোগ কৰিবলৈ আমৰণ চেষ্টা কৰো সেয়া কেৱল মায়াহে । কাৰণ আমি সকলোৱেই জন্ম, বৃদ্ধাৱস্থা, ৰোগ আৰু মৃত্যুৰ দুখ-কষ্ট ভোগ কৰিবই লাগিব।
শ্ৰাৱস্তি নগৰীত এজন ধৰমাত্মা বৌদ্ধ লামাৰ এখন বিশাল আশ্ৰম আছিল । আলৰ বৃদ্ধ লামাজন হঠাত এদিন নৰীয়া পাতিত পৰিল। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বহুদিন লামা জন শয্যাগত হৈ পৰি থকাৰ বাবে নিতৌ এজন দুজন কৈ শিষ্যই তেওঁক গা এৰা দি যাবলৈ ধৰিছিল। লাহে লাহে লামা জন দৃষ্টি শক্তি হেৰুৱাই তেওঁ উঠি বহি চলিবও নোৱাৰা হৈ পৰিছিল। সেই সময়ত লামাজনৰ ওচৰত মাত্র দুজন শিষ্য সাৰথি হৈ আছিল। লামাজনৰ অৱস্থা দিনক দিনে ঢাল খাবলৈ ধৰাত তেওঁ চিন্তাম্বিত হৈ সাৰথি হৈ থকা শিষ্য দুজনৰ এজন সুধিছিল, তুমি কোন তুমি কিহৰ আশাত এই দুঃসময়ত মোৰ সেৱা শুশ্ৰূষা কৰিছা ।
তেতিয়াই শিষ্যজনে কৈছিল ? প্ৰভু আপুনি মোক চিনি নাপাই চাগে । মই বহু বচৰ ধৰি আপোনাৰ আশ্ৰমত আছো। আপুনি দুৰাৰোগ্য ব্যাধিত ভুগি পৰি আছে । আপোনাৰ আশ্ৰমখনৰ আৰু সা সম্পত্তিবোৰৰ যাতে হৰণ ভগন নহয় তাৰেই চোৱাচিতা কৰি লগতে আপোনাৰ ৰখীয়াৰ হৈ আছো। লামাজনে শিষ্য জনৰ মনৰ অভিলাষ বুজি পাই আশ্ৰমখনৰ লগতে সমষ্ট সা সামগ্ৰী শিষ্যজনক গটাই দি বিদায় দিছিল । নিজৰ সা সম্পত্তি সকলোবোৰ দান দি লামাজন দেউলীয়া হৈ পৰাৰ পাছতো আন জন শিষ্যই নিত্য নৈমিত্তিক তেওঁক নিস্বাৰ্থ ভাবে সেৱা আগবঢ়াই গৈছিল । তেতিয়াও লামাজনে মনৰ কৌতুহল ধৰি ৰাখিব নোৱাৰি শিষ্য জনক সুধিছিল, বাচা তুমি কোন । মোৰ এই দুৰৱস্থাত তুমি কিয় নিজক কষ্ট দিছা। তোমাক দিবলৈ মোৰ হাতত এটা ফুটা কৰিও নাই।
তেতিয়া শিষ্য জনে লামাজনৰ হাত দুখনত ধৰি কৈছিল, হে ধৰ্মাত্মা লামা মই তথাগত বুদ্ধ ।
হে প্ৰভূ, মোৰ কি অহো ভাগ্য। স্বয়ং প্ৰভূ পাৰমিতা অমিতাভ মোৰ সাৰথি হৈছে । প্ৰভূ মোক এই যাতনাৰ পৰা মুক্তি দিয়া । মই বৰ কষ্ট পাইছো।
তেতিয়া প্ৰভূ শাক্যমুনিয়ে লামাজনৰ মুৰটো পিহি পিহি কৈছিল বাচা, এই সংসাৰৰ যাতনাৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। আনকি মই স্বয়ং নিজে পীড়া খাই মৃত্যুৰ দৰে জটিল প্ৰক্ৰিয়া পাৰ কৰি আহিছো। তুমি ধৰ্মাত্মা সেইবাবে তোমাৰ সাৰথি হৈছো যাতে তুমি ভুগিব লগীয়া হোৱা সাংসাৰিক দুখ কষ্ট খিনিৰ সময়ত মই তোমাৰ সহায়ক হৈ থাকিব পাৰো। গতিকে তোমাক মই এই সাংসাৰিক যাতনা ভোগ কৰা সময়ত যথাসাধ্য সহায় কৰিম কিন্ত তোমাক এই পীড়া যাতনাৰ পৰা মুক্তি দিব নোৱাৰিম। তোমাৰ পৰ জনমৰ কৰ্মৰ ফল তুমি ভুগিবই লাগিব। তুমি যিমানেই এই সত্য মানি ল'বা সিমানেই তোমাৰ কষ্ট লাঘব হ'ব।
তোমাৰ মনৰ অহেতুক আশংকা আতঁৰি পৰিব।
গতিকে আহঁকছোন আমি সকলোৱেই প্ৰভূৰ লীলা আৰু নিজৰ কৰ্ম, চিন্তা আৰু ইচ্ছাৰ বাবে ভুগিব লগীয়া দুখ কষ্টবোৰ জীৱনৰ এক সমষ্টি বিশেষ বুলি ধৰিলৈ জীৱন জীয়াবলৈ প্ৰয়াস কৰোঁ। কাৰণ জীৱনটো সঁচাকৈয়েই বৰ অনুপম হয়। সদৌ শেষত প্ৰভূ তথাগত অচিনাকী সহযাত্ৰী জনৰ সহায়ক হওঁক বুলি কামনা কৰি আজিলৈ সামৰিছোঁ।
ধন্যবাদ।
◾চুমিন্দ্ৰ চৌধুৰী।
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ