আমাৰ জোন-বসন্ত ওজা

Rinku Rajowar
0
অ' জোন অ'জোন
তুমি গ'লা বহু দূৰ দূৰণিলৈ ।
আকাশৰ জোনবাইৰ দেশলৈ
     পূৰ্ণিমাৰ ৰাতি
      চৌদিশ পোহৰ কৰি
আহিবানে আকৌ
আমাৰ মাজলৈ ??

কাল আমানিশাৰ বেহুত পৰি
গ'লাগৈ জীৱনৰ নাট সামৰি ।
   অদম্য সাহসৰ টঙালি বান্ধি 
সমাজত নিজকে 
সজালা পৰালা তুমি
     শান্তি সত্যৰ মহাৰথী ।।

তুমি নোহোৱা আজি
      কতবেলা হ'ল ।
তোমাৰ সোণালী স্মৃতি
     হৃদয়তে ৰ'ল ।
হিংস্ৰ পশু মনৰ
পাষণ্ড পিশাচ কিয়
      ৰজাৰ কাঠগড়াত
        থিয় নহ'ল ??

বাৰহাত দীঘল জালৰ
তেৰহাত ফটা
    পুঠি খলিহনা 
        পাহত ৰৈ যায় ।
বৰ বৰ ৰৌ বৰালিৰ
বাবেহে দেখিছো
      সৰু বৰ একো 
        জাল নাই   ।।

 ◾বসন্ত ওজা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)