চিৰ প্ৰবাহিনীবৰ লুইতৰ দুয়োপাৰে বসতি বিস্তাৰ কৰা, নানা জাতি উপজাতি মিলি আমি অসমীয়া জাতিয়ে এনৈক্যৰ মাজত ঐক্য সংহতিৰ সোপান ৰচনা কৰোঁ। সকলোৰে নিজা নিজা বৈশিষ্ট্যতাৰে বছৰৰ প্ৰথম দিনটোৰ পৰা সাত দিনলৈ বহাগ বিহু বা ৰঙালী বিহু পালন কৰা হয়। অৱশ্যে গোটেই মাহটোতে বিহুৰ পয়োভৰ, বিহু সন্মিলনৰ উলহ-মালহ থাকি যায়। বিহু বছবৰটোত যদিও তিনিটা বিহু যেনে কাতি বিহু, মাঘৰ ভোগালী বিহু আৰু বহাগৰ ৰঙালী বিহু, এই তিনিটা বিহু পালন কৰা হয়, তথাপিও ৰঙালী বিহু অসমীয়া মানুহৰ অতিকৈ আদৰৰ।
"কাতি বিহু কঙালী
মাঘৰ বিহু ভোগালী
বহাগতে বহাগতে ধেমালি কৰোঁ"
বিহু কৃষিজীবী মানুহৰ অৱসৰ বিনোদনৰ আহিলা আছিল। অতীজতে অসমৰ সকলো জাতি জনজাতিৰ লোক কৃষি ৰ ওপৰত নিৰ্ভৰশীল আছিল। আহাৰ শাওন মাহত ৰ'দে বৰষুণে তিতি বুলি পথাৰত হাল বাই, মাটি চহাই, লগে লগে কঠিয়া পাৰে। শাওন ভাদ মাহৰ ভিতৰতে তিৰোতা সকলে কঠিয়া তুলি পথাৰত ৰুই শেষ কৰে। কাতি মাহ সোমালে ধানে গেৰ ধৰে। আহিন আৰু কাতিৰ দোমাহীত কাতি বিহু পালন কৰে। পথাৰত সেই সময়তে পোকে ধৰে, সেই কাৰণে এই দিনটোতে পথাৰত চাকি জ্বলাই, শৰাই সঁফুৰা দি প্ৰাৰ্থনা কৰে। তুলসী গছ ৰুই শৰাই সঁফুৰা দি নাম গুণ গাই গৃহস্থৰ মংগল কামনা কৰে। এই বিহুত বেচিকৈ খাদ্য সম্ভাৰ গোটাব নোৱাৰে, সেয়ে ইয়াক কঙালী বিহু বোলে।
মাঘত ভঁৰাল ভৰি থাকে। বাৰীত শস্য, পুখুৰী, নদ নদীত মাছ, মুঠতে "যোগ্য ভোগ্যা বসুন্ধৰা"
তিৰোতা সকলে নানা চিৰা, সান্দহ, পিঠা, লাৰু তৈয়াৰ কৰে। পুৰুষে মেজীঘৰ সাজে ।পুহৰ সংক্ৰান্তিৰ আগদিনা উৰুকা বুলি কয় আৰু সেই দিনা দৌল সদৃশ মেজী সাজে। ৰাতি সকলো গাঞাই মিলি ভোজ ভাত খাই, বোৱাৰী পুৱাতে ডেকা লৰাঁহঁতৰ মুখীয়াল এজনে মেজী জ্বলাই, আকাশ মুখৰ কৰি হৰিধ্বনি দিয়ে। মেজীত মাজে মাজে গোটা বাঁহ বোৰ সুমুৱাই দিয়া বাবে সময়ে সময়ে হিলৈ ফুটে। সৰু ল'ৰা ছোৱালীৰ আনন্দ উলাহৰ চিঞৰত বতাহ গৰম হয়। এই বিহুত গোটেই মাহটোতে গাঁৱৰ মানুহে ঘৰে ঘৰে বিহু খাই ফুৰে। তেতিয়াৰ দিনত গাঁৱৰ সকলো মানুহ সমান, ধনী দুখীয়াৰ প্ৰভেদ নাই, সকলো একেখন ঘৰৰে ভাই ককাই, দদাই - ভতিজা, ককা-আইতা, আপাদেউ- নিচাদেউ ইত্যাদি।
চ'ত আৰু বহাগৰ সংক্ৰান্তিৰপৰা সাতদিন- চ'তৰ বিহু বহাগ বিহু বা ৰঙালী বিহু পালন কৰাৰ নিয়ম। ৰঙালী বিহু অসমীয়া সংস্কৃতিৰ দাপোন স্বৰূপ। ভাৰত মাতাৰ পূৰ্ব কোণত এই পাহাৰে পৰ্বতে ঘেৰা প্ৰকৃতিৰ ৰম্যভূমি অসমৰ বিহুৱে আজি জগত সভাত খলক লগাইছে। বিহুৰ আকৰ্ষণীয় সাজ -পোছাকে বিদেশীৰ চকু থিৰ কৰে। সেউজীয়া অসমী আইৰ কোমল কোলাত লালিত পালিত অসমীয়াৰ কৃষ্টিৰ পূৰ্ণ প্ৰকাশ হয় এই বহাগৰ বিহুটিতে।
নানা জাতিৰ সংস্কৃতিৰ সমন্বয়তে গঢ়ি উঠিছে বৰ অসমৰ বাৰেৰহনীয়া উন্নত সংস্কৃতি। শত সহস্র জান জুৰিৰ পানীৰে পুষ্ট হৈ যেনেকৈ সৃষ্টি হ'ল বৰলুইত, সেইদৰে সকলো জনজাতিৰ উপাদানেৰে গঢ়ি দিলে এই অনুপম কৃষ্টি। অসমৰ আদিম জনজাতিৰ অনেক ৰীতি নীতি আমি গ্ৰহণ কৰিছোঁ আৰু কিছু কিছু নিয়ম তেওঁলোকেও লৈ নিজা নিজা সংস্কৃতিৰ অন্তর্ভুক্ত কৰিছে।
কৃষিকাৰ্যৰপৰা অব্যাহতি লোৱাৰ সময়তে এই বিহু সমূহ পালন কৰা হয়। কুলিয়ে যেতিয়া পঞ্চম সুৰত গীত গাবলৈ ধৰে, গছৰ ডালত লাহতী কপৌ ফুলেৰে নাচি থাকে গাভৰুৰ খোপা শুৱনি কৰিবলৈ, আৰু নাহৰজোপাই ৰমকজমককৈ তৰাফুল ফুলাই তেতিয়া অসমীয়া ডেকা-গাভৰুৰ প্ৰাণত জাগে প্ৰণয়ৰ হিল্লোল । এই বিহুক আদৰিবলৈ অসমীয়া মানুহে চ'ত মাহ সোমোৱাৰ পৰাই সাজু হয়। অসমীয়া তিৰোতাই তাঁতৰ শালত সপোন ৰচে। গাভৰুৱে প্ৰিয় জনক দিবলৈ "মৰমৰ দীঘ দি, চেনেহৰ বাণী বৈ, হেঁপাহ আঁচুৰে বোৱা" বিহুৱান খন চেনাইলৈ বুলি সাঁচি থয়। তাৰ উপৰি গোঁসাইলৈ, গুৰু লৈ ঘৰৰ সকলো সদস্য লৈ, মিতিৰ কুটুমলৈ গামোচা সাঁচি থ'ব লাগিব। হুঁচৰি আহিলেও শৰাই সঁফুৰা লগতে গামোচা এখনি থৈ দিয়াটো নিয়ম।
তাঁত ব'বৰ কাৰণে গৃহস্থই তাঁতশালখন পাতি দিয়ে। ঘৰৰ বাঁহেৰে চাৰিওফালে চাৰিটা খুটা পুতিব লাগে। বাঁহৰ চালিমাৰি, গৰকা পুতি, উঘা, বৰচেৰেকী, সৰুচেৰেকী, লেটাই, চিপশ'লি, নাকিশ'লী চিৰি, তোলা চুঙা আদি সঁজুলি সমূহ পুৰুষে সাজি দিয়ে। তাৰ পাচৰখিনি তিৰোতা সকলৰ কাম। আগৰ দিনত এই তাঁতশালখন এঘৰ মানুহৰ অপৰিহাৰ্য সামগ্ৰী আছিল। তিৰোতা সকলে সূতা কাটি, তাঁত বৈ ঘৰ গৃহস্থালীৰ সকলো বস্ত্ৰৰ যোগান ধৰিছিল। আহোম ৰজাৰ দিনত প্ৰত্যেক ঘৰ মানুহৰ পৰা এজন হ'লেও সৈন্য বাহিনীত যোগ দিয়াটো বাধ্যতামূলক আছিল কাৰণ সেই সময়ত দেশখন সৰু সৰু ৰাজ্যত বিভক্ত আছিল আৰু সততে যুদ্ধ বিগ্ৰহ হৈ থকা কাৰণে দেশৰ সুৰক্ষাৰ প্ৰতি ৰজা সদা সচেতন আছিল। দেশৰ প্ৰতিগৰাকী তিৰোতাই তাঁতৰ কামত নিপুন হ'ব লাগিছিল। তাঁত ব'বৰ জনা জনীক কাজী আৰু নজনাজনীক থুপৰী বুলি কৈছিল। সেয়ে মাকবোৰে জীয়েকহঁতক সৰুৰে পৰা তাঁতখন শিকাই ছিল। ৰজাৰ সৈন্য সকলোৱে টঙালী মাৰিছিল। এই টঙালীখন তিৰোতাই একে ৰাতিৰ ভিতৰতে সূতা কাটি,বাতি কৰি, শালত আঁৰি তাঁতত বৈ দিব লাগিছিল। সৈনিকক টঙালীখন পিন্ধাই পঠাব নোৱাৰিলে যুঁজত কেতিয়াও জয়লাভ কৰিব নোৱাৰে বুলি বিশ্বাস কৰিছিল। তুৰ্বকে অসম আক্ৰমণ কৰোঁতে অসমৰ সেনাপতি আছিল চাওফ্ৰাচেনমুং বুঢ়াগোহাঁই। তেওঁৰ পত্নী আছিল মূলাগাভৰু। চাও ফ্ৰাচেনমুং যুঁজলৈ যাবৰ পৰত মূলা ৰজস্বলা থকাৰ হেতুকে টঙালীখন বা কৱচ কাপোৰ বৈ দিব নোৱাৰিলে। চাওফ্ৰাচেনমুং যুদ্ধত হাৰি মৃত্যু বৰণ কৰিলে। কৱচ কাপোৰৰ বাবেই তেওঁৰ পতিৰ মৃত্যু হ'ল বুলি ভাবি মূলা অতি দুঃখিত হ'ল আৰু তেওঁৰ এটা বিশাল নাৰী বাহিনী গঠন কৰি তুৰ্বকৰ বিৰূদ্ধে যুদ্ধত অৱতীৰ্ণ হ'ল। মূলাই অখণ্ড প্ৰতাপেৰে যুঁজিছিল যদিও তুৰ্বকে অন্যায় যুদ্ধত মূলাগাভৰুক হত্যা কৰে। তেতিয়া কনচেং বৰপাত্ৰ গোঁহায়ে তুৰ্বকক হৰুৱাই অসম দেশ মোগলৰ হাতৰপৰা ৰক্ষা কৰিলে।
অসমীয়া তিৰোতাৰ তাঁতৰ শালত ৰচা সপোনৰ নমুনা দেখি মহামানৱ মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰি গৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্রসাদ ৰ কবিতাত পাওঁ----
"মহাত্মা মোহনে
স্বৰাজ ফকিৰে দেখিয়ে মাকোটি ধৰা
ক'লে " আইদেউ আটক ধুনীয়া বৈছা খনীয়া
সোণ সপোনেৰে
মৰমেৰে বন কৰা,
পাঁজীসেৰীয়া কাজী আঙুলিৰে
স্বৰাজৰ চৰকা
ঘূৰোৱা আইদেউ ভাৰতৰ গৰকা ধৰা"
বহাগ মানে এটি নতুন সপোন, বহাগ আমাৰ বাপতিসাহোন, বহাগ আমাৰ সাহৰ ভঁৰাল
বহাগ আমাৰ প্ৰাণ স্পন্দন। ভূপেন হাজৰিকাই গাই গ'ল
"বহাগ এটি মাথো ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ"
বিহু বুলালেই ওলাই আহিল বিহুৱা ডেকাতি কান্ধতে ঢোলটিলৈ, কপৌ ফুলেৰে খোপাটি সজাই বৰহমথুৰীৰে ওঁঠ দুটি বুলাই, হাত দুখনিত জেতুকাৰ বোল সানি, অসমী গাভৰু জাক ওলাই আহিল প্ৰাণৰ বিহুতলীলৈ।
"ঘৰতো নবহে মন মোৰ বান্ধৈ
পথাৰত নবহে মন
কমোৱা তুলাবোৰ
যেনেকৈ উৰিছে
তেনেকৈ উৰিছে মন"
গাভৰুহঁতে আগৰ দিনত গছৰ তলত বিহু কৰিছিল। আজিৰ দৰে সমাজ লৈ ওলাই অহা নাছিল। হুঁচৰিদলতো ছোৱালীক নাচিবলৈ দিয়া নাছিল৷ হুঁচৰি দলত ল'ৰাই ছোৱালীৰ সাজ পিন্ধি নাচিছিল।
অসমৰ প্ৰত্যেকখন গাঁৱতে এজোৰাকৈ হুঁচৰি আছিল। বহাগৰ গোটেই মাহটোতে গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক আশীর্বাদ দিয়াৰ নিয়ম আছিল।
আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত শিৱসাগৰৰ (তেতিয়াৰ ৰংপুৰ)ৰূপহী পথাৰতএটি দুমহলীয়া ঘৰ সাজি তাৰ নাম দিছিল "ৰং ঘৰ" । তাতে বহি ৰজা আৰু ৰাজপৰিয়ালে পহিলা বহাগৰ দিনা ৰঙালী বিহুৰ ৰং ধেমালি চাইছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতেই ৰংঘৰটো শালকাঠৰ খুটাৰ, কাঠৰ চাংঘৰ আছিল। ইয়াতে প্ৰথমে হুঁচৰি দলে ৰজাক আশীর্বাদ দিবলৈ আহিছিল। ৰজাই বিহুদলক আদৰি নিছিল ।
"স্বৰ্গদেউ ওলালে
বাটচ'ৰাৰ মুখলৈ
দুলীয়াই পাতিলে দোলা
কাণত জিলিকিলে
নৰা জাঙফাই ঐ
গাতে গোমচেঙৰ চোলা"
ৰং ঘৰৰ বাক বিতন্ডা হুঁচৰি, বিহুগীত, বিহুনাচ আদিৰ উপৰিও ম'হযুঁজ, শেন কণুৱাৰ যুঁজ আদি অনেক খেল ধেমালি চাইছিল। সেই পৰম্পৰা আজিও আছে, কিন্ত আচল স্বৰ্গদেউ নাই, প্ৰতিকী স্বৰ্গদেউক হাতীত উঠাই কাৰেংঘৰৰপৰা ৰংঘৰলৈ অনা হয়।
ৰূপান্তৰিদি আহি আজি বিহুৱে সলালে ৰূপ। ভিতৰুৱা গাওঁবিলাকত আগৰ ৰূপ কিছু কিছু আছে যদিও নগৰীয়া মানুহৰ হাতত পৰি বিহুৱে আগৰ মৰ্যদা হেৰুৱাই পেলালে। ঘৰে ঘৰে তাঁতশালৰ খিটখিটনি আৰু ঢেঁকীৰ গুমগুমনি শুনিবলৈ নাইকিয়া হ'ল। বিহু গৈ মঞ্চত উঠিল। ব্যৱসায়িক প্ৰয়োজনত বিহুৰ আখৰা চলে। হুঁচৰি চাবলৈ মন গ'লে ভাড়া কৰি আনিব লাগে। কাতি বিহুৰ চাকি দিবলৈ প্ৰায়ভাগ মানুহৰ পথাৰ নাই। পথাৰসমূহ কংক্ৰিটৰ আট্টালিকাৰে ভৰি গ'ল। অসমৰ গৰুৰে বাংলাদেশত ভোগালী বিহু খায়, ম'হবোৰে মেঘালয়ত।
তথাপিও বিহু আহে আহি থাকিব। এজন অসমীয়া জীয়াই থকালৈকে বিহু চাবলৈ পাম । বিহু থাকিব অসমীয়াৰ হাড়ে হিমজুৱে।
“অতিকৈ চেনেহৰ মুগাৰ মহুৰা
অতিকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ
বহগৰ বিহুটি
নেপাতি কেনেকৈ
থাকোঁ।”
◾ৰেণু শৰ্মা,
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী,
কুমাৰণীছিগা,
জিলা ডিব্ৰুগড়
বৰ সুন্দৰ আলোচনী অভিনন্দন জনালো শুভ ৰাত্ৰি জনালোঁ সদৌটিলৈ
ReplyDelete