নিস্বাৰ্থ ভালপোৱা-ছাইফুদ্দিন আহমেদ

Rinku Rajowar
0
মোৰ হৃদয় জুৰোৱা অনুভূতি
তাইৰ মুখৰ 
এটি মিচিকিয়া হাঁহি!

নিৰৱ বাসনাৰ পৰিধিৰ সীমনাত
তাই ৰজাৰ কুৱঁৰী
আইতাৰ সাধুৰ 
ৰূপকথাৰ কন্যা তাই!

সোনৰ দুলালী মুখকনি
বিষাদে চুব নোৱাৰা
তাইৰ আছে...
বিশাল শান্তময়
কপাল খনত চন্দ্ৰমুখী!

আৰু আছে এখন....
মেঘৰ আৰে আৰে 
উৰিব পৰা ঘোঁৰাগাড়ী!

এই বাটেৰে অহা -যোৱা কৰোতে
এৰি থৈ গ’ল তাই 
ৰিহাৰ আচলত বান্ধি অনা 
এবুকু মৰম
আৰু দীঘল চুলিটাৰিত 
গুজি লৈ ফুৰা 
গোলাপ পাহি মোৰ কাৰণেই কিজানি !


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)