এয়া যেন ‌ফাগুনৰ সময়-অমিত কুমাৰ বৰ্মণ

Rinku Rajowar
0
নিৰস আকাশৰ চৌদিশে অভিনৱ স্বপ্ন বিয়পি পৰে..
ধূলিৰ অচিনাকী গোন্ধত বতাহজাকেও প্ৰেমত পৰে..
এয়া যেন ফাগুনৰ সময়..
ফাগুনৰ ফাগুনীৰ প্ৰিয় সময়..
জীৱনৰ আৰাম্ভণি এটি নতুন প্ৰতিশ্ৰুতিৰে..
প্ৰকৃতিৰ সৌন্দৰ্য বিস্তাৰ এটি নৱ ভূষণেৰে..
এয়াই ফাগুন,অতীতক পাহৰি নতুনত্বৰ সন্ধান...
প্ৰেমৰ ছন্দত বজোৱা ঢোল,ঢাকৰ ধ্বনিত..
মনপক্ষীৰ মন‌ উপচি পৰে আনন্দ-উলাহত..
আৰু গান গায় নতুন নতুন..
কিছু পোৱাৰ আশাত কিছু হেৰুওৱাৰ বিৰহত....
কুলিয়ে গায় বৰষাৰ আৱাহনৰ গান..
এটি নতুন সুৰত..
ফাগুনী পছোৱা বতাহজাকে বৈ আহে এফালৰ পৰা..
বহাগৰ কিছু নৱ বাতৰি বিলাবলৈ..
এয়া যেন ফাগুনৰ সময়..
প্ৰিয় সময় মোৰ সময়..!

✍️অমিত


নাম:অমিত কুমাৰ বৰ্মণ
ঠিকনা:গোৱালপাৰা(হাতোগাওঁ)
ম'বাইল নং:৬৯০১৯১৬৯৭৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)