বিষাদ-জিলমিল বৰঠাকুৰ

Rinku Rajowar
0
ৰঙা নীলা কাকতৰ চিলা উৰি গ'ল
থপিয়াই ধৰছোন অ' 
হাতত তাইৰ পুতলা নাছিল
নিৰ্ভীক সাহসী ছোৱালী জনীৰ
আছিল এটা ৰাইফল
পূজাৰ বতৰতো
তাইৰ হাতত পিষ্টল
ৰঙা নীলা কাকতৰ চিলা উৰি গ'ল
থপিয়াই ধৰছোন অ'
মানৱতাৰ বজাৰত বিক্ৰী হয় মান সন্মান
বিবেক আৰু অভিমান
ধৰ্ম জাতি- ভেদ
উচ্চ - নীচৰ প্ৰভেদ
তাই বুজি নাপায়
মাতৃৰ বুকু উদং কৰি
শতৰুৱে কাঢ়ি নিলে মুখৰ হাঁহি
" আই তই আৰু কাম কৰিব নালাগে"
মাতৃৰ বুকুত ৰডৰ
কোব
বৰ কষ্টৰে পঢ়াইছিল তাইক
ছটফট কৰে নিঠৰুৱা দেহ
কোনেনো কাঢ়ি নিলে 
মোৰ পূৰ্নিমাৰ জোন
দেশ আৰু সমাজৰ সম্পদ তাই
সকলোৰে লগত
হাঁহি মাতি ওমলি
বহাগতে পিন্ধিছিল
মুগাৰ সাজ
কোনেনো হৰি নিলে গাভৰু জীৱনৰ লাজ
আটোম
টোকাৰিকৈ ৰখা
কলিজাটো কাঢ়ি
লৈ গল মাজনিশা
মোৰ বুকুখন শুদা
বেলিটো দুফাল হ'ল
জোন মোৰ কেনি
গ'ল
মাজৰাতি মাতিছিল আই অ
আই
দুৱাৰ খুলি দেখো
তাইচোন নাই
কণাৰ লাখুটি
মোৰ
নিনিবিচোন
বুকুখন উদং কৰি
সোণ মোৰ আহিব
জোনে আকৌ হাঁহিব
তহঁতৰ প্ৰতিশোধ ল'বই ল'ব
অথলে নাযায়
নকওঁ মই দুনাই
ষড়যন্ত্ৰ কিমান কৰিবি
 প্ৰতিফল নিশ্চয় পাবি।
।।।।।।।

◾জিলমিল বৰঠাকুৰ 

( জোনমনি ৰাভাৰ মৃত্যুত মোৰ গভীৰ শোক প্ৰকাশ কৰি অশ্ৰু অঞ্জলি যাচিলো।
শোক সমপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)