স্ৰষ্টাৰ ভীতি -এছ ইছলাম

Rinku Rajowar
0
গৈছিলোঁ মূঁছকঁছ 
দেখি স্ৰষ্টাৰ সংহাৰ 
অহৰহ চলি আছে এই নীতি 
এয়াই স্বত্বাৰ প্ৰেম-প্ৰীতি? 

আকাশত বতাহত চলিছে 
আজীৱন সংগ্ৰাম অহৰ্নিশে
জীৱনত কাৰোবাৰ আহে সফলতা 
কাৰোবাৰ আহে বিশাল বিফলতা।

দেখিলে ৰূদ্ৰমূৰ্তি তোমাৰ 
হওঁ আমি অস্থিৰ
কাৰোবাৰ পকা ধান তেনেই ৰাখিলা 
কাৰোবাৰ অৰ্ধপকাতেই কাঢ়ি নিলা! 

আমিহে মাথোঁ কওঁ আমাৰ
আমাৰ কিবা আছে জানো 
নিজা বুলিবৰ ? 
গছ বৃক্ষ তৰু লতা সবি তোমাৰ।

চন্দ্ৰ সূৰ্য্য গ্ৰহ তৰা
সকলো তোমাৰ কৰুণাৰ ধাৰা 
তুমি ৰাখিলে ৰাখিব পাৰা
মাৰিলেওঁ মাৰিব পাৰা।

আমি মাথোঁ সৃষ্টি তোমাৰ
গোটেই জগত আগুৰি
চলিছে এই নীতি 
ইয়ে জানো স্ৰষ্টাৰ প্ৰেম-প্ৰীতি ?

▪️এছ ইছলাম ,শিক্ষক 
   পঃমইনবৰী বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)