চাৰিওফালে কেৱল কান্দোনৰ ৰোল হতাশা আৰু হুমুনিয়াহ ।
ফেকুৰি উঠিছে আজি ধৰিত্ৰী আই
নিজৰ সন্তানে যেন টানি আনিছে ধ্বংসৰ বতৰা ।
তাৰেই প্ৰমাণ দিছে ৰুষ্ট প্ৰকৃতিয়ে
গছ-বন কাটি তহিলং কৰিছিলো
এবাৰো ভবা নাছিলো
গছেও যে বিষাদ যন্ত্ৰণা তথা আঘাট
পায়।
এপাহি দুপাহি কৰি পাহি মেলে গছে
জিৰণি লও কেতিয়াবা
গছৰ স'তে কথা পাতো ।
এবাৰো ভবা নাছিলো কুঠাৰখন যেতিয়া বুকুত বহাই দিওঁ ।
আজি মানব জাতিৰ বুকু বিষাদেৰে
ভৰি পৰিছে ।
বুকু কঁপি উঠে যেতিয়া একেলগে জ্বলি উঠে দপ দপাই চিতা কেইখন
চিনাকি মুখবোৰ চকুৰ আগত ভাঁহি উঠে
আহঃ কি কৰুণ দৃশ্য
সহিব নোৱাৰো
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো
ঘুৰাই দিয়া আমাৰ শান্তিৰ পৃথিৱী খন
উশাহ ল'বলৈ যেন শুদ্ধ বায়ুৰ অভাৱ
কাবৌ কৰিছোঁ তোমাৰ সন্তানক
বচোৱা
নহলে যে সকলো ধ্বংস হৈ পৰিব ।।
◾নিবেদিতা দাস কলিতা
নলবাৰী ঘগ্ৰাপাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ