যি সকলোৰে লগতে থাকে
আমাৰ প্ৰত্যেকেই
আন সকলো মানুহৰ
অন্তৰ্নিহিত মৰ্যাদাক
সন্মান কৰাটো উচিত ।
আপুনি এজনক যেতিয়া
যিদৰে আছে আৰু তেওঁ কি,
সেইদৰে গ্ৰহণ কৰক
সেইয়ে হৈছে সন্মান |
যদি কোনোবা কোনো ধৰণে
আমাৰ পৰা পৃথক বা
কিজানিবা আমাৰ মতামতত
পৃথক হ’লেও গ্ৰহণ কৰক।
সন্মানৰ অৰ্থই হৈছে
দয়ালু আৰু সৌজন্যতা |
অশান্তি সৃষ্টি কৰাটো
কৰক পৰিহাৰ |
কথা কোৱাৰ আগতে চিন্তা কৰক,
আপোনাৰ ভাষা আৰু সুৰ।
সহায়ৰ হাত বা কাণ আগবঢ়াওক
লগতে মমতাৰ অভ্যাস কৰক।
মানুহ হিচাপে এজন ব্যক্তিৰ
প্ৰতি সন্মান আৰু
এজন ব্যক্তিক কৰ্তৃপক্ষ
হিচাপে সন্মান দুটি পৃথক |
সৰু, বৰ, উচ্চ নিচ সকলোকে
আপোনাৰ মৰম ও সন্মানেৰে
সম্পৰ্কবোৰ ধৰি ৰাখাটো
হৈছে এক অপৰিহাৰ্য্য অংশ |
◾ৰাজশ্ৰী সেনাপতি গগৈ
ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ