সমনীয়াৰ সৈতে হাঁহি-ধেমালি কৰি কেতিয়া বাছখন বিদ্যালয়ৰ সন্মুখত থিয় হয়গৈ সিহঁতে গমেই নাপায়। পিছে আজি হঠাত বাছখন আধা বাটতে ৰৈ গ'ল। সকলো ল'ৰা-ছোৱালীয়ে হুলস্থূল কৰিব ধৰিলে। বাছৰ ড্ৰাইভাৰজন প্ৰায় বুঢ়াই আছিল। বাছখনো পুৰণা আছিল। বাছখন চোৱা-চিতা কৰাৰ পিছতো ড্ৰাইভাৰজনে একো ধৰিব নোৱাৰিলে কিন্তু বাছখন কিবা এটা বেয়া হৈছে বুলি তেখেতে অনুমান কৰিলে। ইফালে পলম হ'ব বুলি ল'ৰা-ছোৱালীবোৰে খোজকাঢ়িয়ে বিদ্যালয়ৰ ফালে ৰাওনা হ'ল। আশে-পাশে কোনো ঘৰ-বাৰীও নাই। ৰাস্তাটোৰ দুয়োকাষে জংঘল।
খোজকাঢ়ি গৈ থাকোতে হঠাত এজোপা বগৰী গছ ৰিমাৰ চকুত পৰিল। গছজোপাৰ তলত বহুত কেচা-পকা বগৰী পৰি আছিল। তাই দৌৰি বগৰী গছজোপাৰ তলত গৈ বগৰী বুটলিব ধৰিলে। ইফালে তাই বগৰী বুটলি থাকোতেই তাইৰ লগৰবোৰ বহুত দূৰ গুচি গ'ল। কিন্তু তাই নিচিন্তা মনে বগৰী খাই-খাই পুনৰ খোজকাঢ়ি বিদ্যালয়ৰ ফালে আগবাঢ়িল। হঠাত বাটৰ বাওঁফালে এখন বাইকত দুজন লোকে কিবা নিচা জাতীয় বস্তু খাই থকা তাইৰ চকুত পৰিল। লোক দুজনে অলপ বেয়া চকুৰে চোৱা যেন তাই উপলব্ধি কৰিলে। তাইৰ বয়সো বেছি নহয়। তেৰ বছৰ। তাই ভয়ে-ভয়ে ৰাস্তাৰ সোঁফালেদি লৰালৰিকৈ খোজকাঢ়ি যাবলৈ ধৰিলে।
অলপ খোজকাঢ়ি গৈ তাই পিছফালে ঘূৰি চাই দেখিলে যে লোক দুজন তাইৰ পিছে-পিছে গৈ আছে। তেতিয়া তাই খৰধৰকৈ পিছফালে চাই দৌৰিব ধৰোতে মাটিত পৰি গ'ল। লগে-লগে লোক দুজনে তাইৰ হাতত ধৰি টানি অলপ জংঘলৰ ভিতৰৰ ফালে লৈ গ'ল।
প্ৰায় এঘন্টামান পিছত মানুহ দুজন সেই ঠাইৰ পৰা ওলাই নিজৰ বাইকত উঠি গুচি গ'ল কিন্তু ৰিমাৰ কোনো খবৰ নাই। বিদ্যালয় ছুটী হৈ গ'ল। সকলো ল'ৰা-ছোৱালী ঘৰ পালেগৈ কিন্তু ৰিমা নাই। লগে-লগে ৰিমাৰ মাক-দেউতাকে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত যোগাযোগ কৰিলে আৰু গম পালে যে ৰিমা আজি বিদ্যালয়ত যোৱাই নাছিল।
ৰিমাৰ দেউতাকে ৰিমাৰ প্ৰতি অলপ সন্দেহ ভাৱেৰে ৰিমাৰ মাকলৈ চালে। কিন্তু দুয়োজনৰ ভিতৰত এজনেও মুখেৰে একো নামাতিলে। এনেকৈয়ে তাইৰ মাক-দেউতাকে তাইক মনে-মনে বিচাৰিবলৈ ধৰিলে।
পিছে আজি-কালি কোনো কথাই লুকুৱাই ৰাখিব নোৱাৰি। প্ৰায় মানুহে কথাটো গম পালে। গধুলি হ'বৰ ধৰিল। ৰিমাৰ দেউতাকে খঙে-লাজে আহি ঘৰত সোমাল। দেউতাকৰ পিছে-পিছে এজন লোক আহি দেউতাকক ৰিমাৰ খবৰটো দিলে। লগে-লগে তাইৰ মাক-দেউতাক সেই ঠাইত গ'ল। তেওঁলোকৰ পিছে-পিছে গাঁৱৰ বেছিভাগ মানুহেই তাত উপস্থিত হ'ল। তাই দেউতাকৰ মুখলৈ এবাৰ মূৰ তুলি চালে। ইফালে তাত থকা মানুহবোৰৰ বিভিন্নজনে বিভিন্ন কথা কবলৈ ধৰিলে। তাই নিৰব হৈ পুতলাৰ দৰে বহি থাকিল।
কিছু সময় পাৰ হৈ যোৱাৰ পিছত তাই পুনৰ দেউতাকৰ মুখলৈ চাই ক'লে, "মই অপৰাধী নহয়।" কথাষাৰ কৈ তাই চিঞৰি-চিঞৰি কান্দিবলৈ ধৰিলে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ