জীৱন যাত্ৰাত- ৰাজ দ্বীপ মৰাং

©Admin
0
এদিন আমি মৰিম
কিন্তু,
এনেয়ে কিয় মৰিম..
সংগ্ৰাম কৰি
জীৱন যুদ্ধত যুঁজিহে মৰিম।

সকলো বাধা নেওচি
মৃত্যুৰ শোভাযাত্ৰা খেদি
জীৱন যাত্ৰাৰ পথ উলিয়াম।

আৰু সেই জীৱন নামৰ কাঁইটীয়া পথটি
দৃঢ়তাৰে সজাই,
এখোজ আগুৱাই যাম
দহৰ হকে।

তুমিওটো এনেয়ে নমৰা 
আৰু প্ৰায় সকলোৱেই..
তুমিওটো জীৱনক মৃত্যুৰ পথ বুলি বাণী দিয়া নাই।

তথাপিও,
অথচ আমি সকলোৱেই
এদিন মৰিম
যুঁজিহে মৰিম...।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)