কজুম কোজা-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
(বিশ্ব নাৰী দিৱস উপলক্ষে)

“যা দেবী সর্বভূতেষু মাতৃৰূপেন সংস্থিতা। 

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।। 

যা দেবী সর্বভূতেষু শক্তিৰূপেন সংস্থিতা। 

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।। 

যা দেবী সর্বভূতেষু শান্তিৰূপেন সংস্থিতা। 

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।”

                      প্ৰায় সাতশ শ্লোক সম্বলিত মাৰ্কণ্ডেয় পুৰাণৰ চণ্ডী গ্ৰন্থখনত উল্লেখিত উপৰোক্ত স্ত্রোতটোৰ জৰিয়তেই বিশ্ব ব্ৰহ্মাণ্ডত নাৰীৰ অৱস্থিতিৰ তাৎপৰ্য্য আৰু গুৰুত্ত্ব প্ৰকাশ কৰা হৈছে
অৰ্থাৎ,যি দেৱী সমস্ত জীৱ আৰু চৰাচৰৰ মাতৃ ৰূপে অৱস্থান কৰে সেই দেৱীক নমস্কাৰ, বাৰম্বাৰ নমস্কাৰ । যি দেৱী সমস্ত জীৱ আৰু চৰাচৰৰ শক্তি ৰূপে অৱস্থান কৰে সেই দেৱীক নমস্কাৰ, বাৰম্বাৰ নমস্কাৰ ।  যি দেৱী সমস্ত জীৱত শান্তি ৰূপত অৱস্থান কৰে সেই দেৱীক নমস্কাৰ, বাৰম্বাৰ নমস্কাৰ । 
 এই পুৰাণখনতে দেৱী মহামায়া অৰ্থাত একেজনী নাৰীকেই প্ৰয়োজন সাপেক্ষে দৰে মমতাময়ী মাতৃ পাৰ্বতী, দশভূজা দূৰ্গাৰ দৰে বীৰাংগনা আৰু অন্নপূৰ্ণাৰ দৰে শান্তিৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা হৈছে ।
মানৱ সমাজত নাৰীৰ ভুমিকা আৰু প্ৰাধান্যতাৰ বিষয়ে অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ মাজত এটা সুন্দৰ ৰূপ কথা প্ৰচলিত আছে ।
প্ৰবাদ আছে যে পৃথিৱীৰ সৃষ্টিৰ আগত নীলা আকাশৰ তলৰ দিগন্তত কুমাৰ কোজা নামৰ এখন সভ্যতাৰ বিকাশ হৈছিল।  কজুম কোজাবাসীয়ে উৎসৱ পাৰ্ৱন আদি পালন কৰি ৰঙ ৰহইচ কৰি সুখেৰে জীৱন নিৰ্বাহ কৰিছিল। উৎসৱ পাৰ্বন উপলক্ষে মৃগয়া আৰু মৎস্য চিকাৰ কৰাটো কজুম কোজা বাসীৰ বাবে বিশেষ পৰম্পৰালৈ পৰিণত হৈছিল । পাছে এই পৰম্পৰাই এদিন কজুম কোজাবাসীলৈ দূৰ্ভাগ্য কঢ়িয়াই আনিব কোনেও ভাবিবই পৰা নাছিল। নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ বলি হৈ সমগ্ৰ কজুম কোজা সভ্যতা যে নিঃশেষ হৈ যাব সেয়াও কল্পনাতীত আছিল। 
এবাৰ পি-মে উৎসৱ উপলক্ষে সমগ্ৰ কজুম কোজাৰ ডেকা ডেকেৰী ল'গ লাগি নদীত মাছ ধৰিবলৈ গৈছিল।  দৈৱ দুৰ্বিপাকত পৰি ডেকা ডেকেৰী হতে এটা প্ৰকাণ্ড আচহুৱা ধৰণৰ মাছ জালেৰে ধৰিবান্ধি নাচি বাগি কজুম কোজালৈ উভতি আহিছিল।  কজুম কোজাৰ বুঢ়া মেথাই সেই প্ৰকাণ্ড মাছটো প্ৰকৃততে চিলি চিডংৰ সাগৰৰ ৰজা বিৰি বোটেৰ পুত্র বিৰি আঙুৰ পটুন বুলি কৈ ডেকা ডেকেৰী সকলক মাছটোক নদীত এৰি দিবলৈ অনুৰোধ কৰিছিল।  অন্যথাই কজুম কোজাবাসীয়ে ইয়াৰ প্ৰতিফল ভুগিব লাগিব বুলিও সোঁৱৰাই দিছিল।  পাছে বুঢ়া মেথা সকলৰ সেই পৰামৰ্শ নামানি ডেকা ল'ৰা -ছোৱালীয়ে মাছটোৰে ভোজভাত খাই পি-মে উৎসৱ পালন কৰিছিল।  বিৰি আঙুৰ পটুনৰ মঙহ খোৱাৰ পাছত কজুম কোজাত অমংগলে দেখা দিছিল।  বহুত লোকে শাৰীৰিক অসুস্থতাত ভুগিব ধৰিছিল। 
ইফালে কেবা দিন ধৰি বিৰি আঙুৰ পটুন নিৰুদ্দেশ হৈ থকাৰ বাবে বিৰি বোটে, ৰাণীৰ লগতে সমগ্ৰ চিলি চিডং উৎকন্ঠিত হৈ পৰিছিল।  ৰাণীয়ে পুত্র আঙুৰ পটনৰ কথা বিলাপ কৰি ভাতপানী এৰি ৰাউচী ধৰি কান্দিব ধৰিছিল।  ঠিক সেই সময়তে কজুম কোজাৰ পি-মে উৎসৱত অংশগ্ৰহণ কৰি সুদুৰৰ নিজৰ ঘৰখনলৈ চিলি চিডংৰ ওপৰেদি উৰি গৈ থকা কৰু পচুঙ নামৰ বাদুলীজনীয়ে কোনোবাই ইনাই বিনাই কন্দা শুনি ইফালে সিফালে চাবলৈ ধৰিছিল। অথায় সাগৰৰ মাজত বিৰি এজনী ৰংচঙীয়া ধুনীয়া মাছে বুকুত ভুকুৱাই কান্দি থকা দেখি কৰু পচুঙ নামৰ বাদুলীজনী তললৈ নামি আহি মাছজনীয়ে তেনেদৰে কন্দা কটা কৰি থকাৰ কাৰণ সুধিছিল। মাছজনীৰ মুখৰ পৰা সকলোখিনি শুনি উঠাৰ পাছত কৰু পচুঙৰ বুজিবলৈ বাকী নেথাকিল যে সেই জনী সাগৰৰ ৰজা বিৰি বোটেৰ ৰাণী  । এগৰাকী নাৰীয়ে অতি সহজে আন এগৰাকী নাৰীৰ দুখৰ সমভাগী হ’বলৈ পাৰে । ৰাণীৰ বিলাপ শুনি কৰু পচুঙ নামৰ বাদুলীজনীয়ে কজুম কোজাবাসীয়ে আঙুৰ পটুনক পি-মে উৎসৱত ভক্ষণ কৰা কথা অৱগত কৰিছিল। 
কৰু পচুঙৰ কথা শুনি ৰাণীয়ে কন্দা কটা সামৰি ৰণচণ্ডী ৰূপ ধৰি ততালিকে ৰজা বিৰি বোটেক কজুম কোজা আক্রমণ কৰি ধ্বংস কৰিবলৈ দিছিল। সৰ্বদা শান্ত স্বভাৱৰ মমতাময়ী ৰাণীৰ ৰূপ দেখি ৰজা বিৰি বোটেই  চিলি চিডংৰ সেনাপতি বিৰি বিক, লেডঙ লেয়ক, পুমু চেয়েক  আৰু ডংগুম ডোলোমক অবিলম্বে কজুম কোজা আক্রমণ কৰিবলৈ নিৰ্দেশ দিছিল।  
চিলি চিডংৰ অতৰ্কিত আক্রমণত কজুম কোজা বিধস্ত হ পৰিছিল।  পুত্রৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰজা বিৰি বোটেৰ ৰাণীয়ে সমগ্ৰ কজুম কোজা উটুৱাই লৈ গ'ল।  পৃথিৱীৰ বুকুৰ পৰা গোটেই কজুম কোজা বাসীক উটুৱাই লৈ যাওঁতে কিন্ত ৰাণীয়ে নিয়ানি মাইতে নামৰ এজনী সুন্দৰী কিশোৰীৰ একোৱেই ক্ষতি হ’বলৈ দিয়া নাছিল।  সেই জনীয়েই আছিল কজুম কোজাৰ একমাত্ৰ নাৰী যি গৰাকীয়ে আঙুৰ পটুনৰ হত্যা আৰু ভক্ষণক সমৰ্থন কৰা নাছিল। সাগৰৰ কোবাল সোঁতত বগা ৰঙৰ আৰু সেউজীয়া পটিৰ গালে (মেখলা)  পৰিহিত নিয়ানি মাইতে  উটি ভাঁহি গৈ ডনি- ডোংগৰৰ  এঘৰত উপস্থিত হৈছিল। স্বভাৱত শান্ত শিষ্ট আৰু ৰূপে গুনে অতুল্য নিয়ানি মাইতেই ডনি-ডোঙগৰত উপস্থিত হৈ কজুম কোজাত সংঘটিত হোৱা অথন্তৰৰ লগতে সমগ্ৰ সভ্যতাৰ বিনাশ ঘটাৰ কথা সকলোকে কৈ শান্তি আৰু সম্প্ৰীতিৰে সকলোৰে লগত বসবাস কৰিবলৈ অনুৰোধ কৰিছিল।  অতি কম সময়ৰ ভিতৰতে নিৰ্জু স্বভাৱৰ মৰমীয়াল নিয়ানি মাইতেই ডনি-ডোংগৰৰ প্ৰতি গৰাকী ব্যক্তিৰ হৃদয় জয় কৰি পেলাইছিল। কজুম কোজাৰ একমাত্ৰ উত্তৰাধিকাৰী নিয়ানি মাইতেই পুনৰ এখন সভ্যতাৰ সৃষ্টি কৰিছিল।  আদি জনগোষ্ঠীৰ লোকে আজিও বিশ্বাস কৰে যে নিয়ানি মাইতেই পৰিধান কৰা গালে খন বগা মেঘ আৰু সেউজীয়া পাৰিটো গছ-গছনিলৈ পৰিণত হৈছিল।  সৰগীয় নিয়নি মাইতেৰ মন মেজাজ সলনি হলে বতৰৰো পৰিবৰ্তন ঘটে । বগা ৰঙৰ গালে খনৰ ৰঙ চঙীয়া সৰু সৰু বুটা সমূহে ফুল,  চৰাই আৰু পখিলা সকলোকে প্ৰাণ প্ৰাচুৰ্য্য কৰি ৰাখে । নিয়নি মাইতেইৰ ঘাম আৰু চকুলো বৰষুণৰ ৰূপত পৃথিৱীত সৰি পৰে। সমগ্ৰ কজুম কোজাৰ লগতে নিজৰ মৰমৰ পৰিয়ালটো সাগৰ ৰজা বিৰি বাটোৰ ৰাণীৰ হাতত ধ্বংস হৈ গৈছিল যদিও  প্ৰতি হিংসা পাহৰি সকলোকে মৰম বিলাই নিয়নি মাইতেই এখন সুন্দৰ সভ্যতাৰ সূচনা কৰিছিল। লগতে প্ৰতি গৰাকী ব্যক্তিকে অসাধু কামৰ বাবে বিধ্বংস হোৱা নিজৰ সুন্দৰ সভ্যতা কজুম কোজাৰ কথা উল্লেখ কৰিছিল।সেই মহান নিয়নি মাইতেইৰ বাবে যুগৰ পাছত যুগ ধৰি আজিও কজুম কোজা সভ্যতাৰ কথা পৃথিৱীবাসীৰ মাজত আৱহমান প্ৰচলিত হৈ আহিছে । 

এটা কথা ঠিক পৃথিৱীৰ সকলো ধৰ্ম আৰু দৰ্শনতে এইটো মানি লোৱা হৈছে যে নাৰী মহিমাময়ী , নাৰী মহিয়সী অথচ প্ৰয়োজন সাপেক্ষে নাৰী সূৰ্য্যৰ দৰে উত্তাপিত আৰু উজ্জ্বল, বজ্ৰৰ দৰে কঠন, ফুল দৰে কোমল, হৰিণৰ দৰে চঞ্চল, সাগৰৰ দৰে গভীৰ , হস্তিনীৰ দৰে গহীন, চন্দ্ৰমাৰ দৰে শীতল আৰু শিশুৰ দৰে পবিত্ৰ হৈ পৰে।  সেই বাবেই শাস্ত্ৰত কোৱা হৈছে  "নাৰী সমাজস্য কুশলবাস্তুকাৰা" অৰ্থাত নাৰীয়েই হৈছে  সমাজ স্থাপন কৰা এজন  সুদক্ষ স্থপতি। 


✍️চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা,
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)