সৰাপাতৰ দৰে সৰিল স্মৃতিৰ মধুৰ মুহুৰ্তবোৰ।
ফাগুনত গালে মুখে চানি ধৰা বালিবোৰৰ দৰেই হৃদয়ত চানি ধৰিলে দুখৰ
এচপৰা শেলুৱৈয়ে।
ওঁঠত জিলিকি থকা সুখৰ ৰঙবোৰ কুটিল হাঁহিলৈ পৰিণত হ’ল।
বুকুৰ কুটুমবোৰে আদৰৰ মুখাখন খুলি উৰুৱাই দিলে ফাগুনৰ পছোৱাজাকত। আকৌ এখন অচিনাকি মুখা পিন্ধি মিলি গ’ল তেওঁ অচিনাকি মুখবোৰৰ লগত।
হাতত এখিলা স্মৃতিৰ সৰাপাত বুটলি জীৱনৰ অচিন বাটেদি ময়ো উভতি আহিলোঁ বহাগ বিচাৰি।
✍️গীতালি বৰা
ষষ্ঠ ষান্মাসিক,অসমীয়া বিভাগ, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ