আকাশ প্ৰেমিক-সুৰজ বৰগোহাঁই

Rinku Rajowar
0
বাহিৰত এন্ধাৰ
 এজাকি মলয়া বা বলিছে
  মোৰ উদং বুকুখন চুই থৈ কৈ গৈছে
  "বৰষুণ আহি আছে ..."
  নাজানো কোন দিশৰ পৰা আহিব?
  আকাশত চোন এতিয়াও দুই এটা তৰা
  চন্দ্ৰটি নাই 
  মেঘও নাই 
  সেয়ে ৰৈ আছে 
  ময়ো ৰৈ আছোঁ
  বৰষুণত ভিজিবলৈ
  প্ৰিয়াক ভাল পাবলৈ,
  বুকু ভৰি ভাল পাবলৈ...
  ৰৈ আছে এজাকি জোনাকী পৰুৱাও 
  আন্ধাৰ আঁতৰাবলৈ...
  ঢেৰেকণি গাজনিয়েও চাগে আজি সুৰ দিব
  তোমাৰ মোৰ ভাল পোৱাত,
  সৌৱা চোৱা ,পাহাৰৰ সিপাৰে বিজুলী জ্বমকিছে...।
  
বৰষুণৰ দৰে তোমাৰ ঠিকনাও 
  মোৰ অজ্ঞাত
  কাৰণ কেতিয়াবা বতাহৰ দিশো সলনি হয়,
  তথাপি মই জানো 
  তুমি আকাশৰ পৰাই নামি আহিবা
  কাৰণ ময়ো আকাশ প্ৰেমিক....
  মিলনৰ ঠাইহে হ'ব বেলেগ বেলেগ
  নদীৰ দৰে ...।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)