তোৰ ৰূপ তোৰ গুণ শুনি, বহুজনে আহি আহি
তোৰ বুকেতেই গ'ল লীন
তোৰ ৰূপৰ পাহাৰ, সোণৰ খনি দেখি
বগা বঙাল আহে দিন বাৰ লেখি
এইযে এদেও দুদেও লোটা নিবৰ চেও
সকলোৱে চেগ বুজি
মাৰি আছে খেও
তোৰ বুকু ৰিক্ত কৰি
কৰি আছে মধুৰস পান
তোৰ আছেনে তালৈ কাণ? কিযে মহা অপায় মিলিছে আজি
কোমল বুকুত তোৰ
মহাকালে তাণ্ডব নাচিছে
অঙ্গে অঙ্গে চলে ক্ষুধিত কৃপাণ
খণ্ডিত দেহ তোৰ ধুলিতে লুন্ঠিতা
তথাপিও তেজপীয়াহঁতে
এৰা নাই তেজ পীবলৈ
ঘৰে ঘৰে শুনোঁ আজি
দুখৰ কুৰুলি, মৃত্যুৰ কিৰিলি
নগৰৰ অলিয়ে গলিয়ে
ধৰ্ষিতা নাৰীৰ ক্ৰন্দন
তাৰ বাবে দোষ দিয়া কাক? শত্ৰু মিত্ৰ চিন নাই তাত
সেয়ে মই দ্ৰৌপদীয়ে
কৈছোঁ সৰগৰপৰা
আমাক এজন কৃষ্ণ লাগে আৰু লাগে
এখন কুৰুক্ষেত্ৰৰ যুদ্ধ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ