বিশ্বনাথ-বসন্ত ওজা

Rinku Rajowar
0
ভাৰত বৰিষৰ
ইতিহাসৰ পাতৰ
    বিশ্বনাথ এটি চিনাকী নাম ।
এই পবিত্ৰ স্থানৰ পৰাই
নীৰলস সাধনাৰে
  কবিতা গীতৰ সাধিছো মান ।।
তিৰুপতি মন্দিৰ সদৃশ
ঈশ্বৰ আৰাধনাৰ স্থান
     নগৰৰ মজিয়াত আছে ।
সুধাকণ্ঠৰ বুঢ়ালুইত
নিশব্দে নীৰবে বয়
     তীৰ্থস্থানৰ কাষে কাষে ।।
প্ৰখ্যাত ঢুলীয়া
মঘাই ওজা নামেৰে
    আছে বিহু উৎসৱৰ থলী ।
বিশ্বনাথৰ পৰাই
কমলাকান্তৰ পৰিচয়
     অসমৰ অগ্নিকবি বুলি ।।
লক্ষীধৰ শৰ্ম্মাইও
দেশ জাতিৰ ভকতিৰে
     দলিলত লিখিলে নাম ।
অসমৰ অসমীয়াই
শিৰত পিন্ধালে ৰত্ন
      তুমি আমাৰ দেশৰ প্ৰাণ ।।
সৃষ্টি কৃষ্টি সংস্কৃতিৰ
মেটমৰা সম্ভাৰ লৈ
     উত্তৰে আছে নক্সাগিৰি ৰৈ ।
পশ্চিমে জীয়া ভৰলীয়ে
তাহানি ৰজা বানৰ
     বতৰা কঢ়িয়াই আছে বৈ ।।
পূৰুবত আই লক্ষ্মীৰ
শস্য শ্যামলা ক্ষেত্ৰ
   আছে নাম লৈ লক্ষীমপুৰ ।
দক্ষিণৰ মহাবাহুৰ
পাৰত অতিথি আদৰি
    হৃদয় শীতল হয় মোৰ ।।
চাহ উৎপাদনটো
আমাৰ বিশ্বনাথে
     কৰিছে কত শ্ৰম দান ।
চাহৰ কাননৰ
নিচলা শ্ৰমিকেও
   সাধিছে আই অসমীৰ মান ।।
গণ্ডকী বৃদ্ধ গংগা
বুৰৈ বৰগাঙেও
     দিয়ে বৰণীয়া শ্বাস ।
যুগে যুগে গঢ়িছো
মহাদেৱৰ পাশুপাত
    দৈত্য দানৱ কৰিম নাশ ।।
উত্তৰ পূব সীমান্ত
ৰেলৰ যাত্ৰাপথো
বিশ্বনাথৰ বুকুৰ 
       মাজেৰে যায় ।
তাৰ কাষতে ৰৈ
পৰিভ্ৰমী জনতাক
    বিশ্বৰত্নই আছে চাই ।।
এনেকৈয়ে অসমী আইৰ
দুখনি চৰণত
    কলমেৰে জনাইছো ৰতি ।
নিৰক্ষৰ নিচলা
অকৰা অজ্বলা
       বিশ্বনাথৰ মই হীনমতি ,

  ◾ বসন্ত ওজা । নগাঁও লেহুগাঁও
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)