বৰদৈচিলা-গীতিকা শইকীয়া নাথ

Rinku Rajowar
0
তাই প্রতিটো বসন্তত আহে
মাকৰ ঘৰলৈ হিল্ দল ভাঙি, 
ঢোলে দগৰে ৰজনজনাই
শিলৰ চোলা পিন্ধি। 
               আকাশ ফালি চিৰাচিৰ 
               ধাৰাসাৰে নামি আহে
               উৰুখা পজাৰ হৈ নিৰ। 
গছ বিৰিখ মহতিয়াই 
দুখীয়াৰ ভগা পজা উৰুৱাই, 
শুকান চকুত নিৰাশাৰ ভয় 
কণমাই পোনাটিক বুকুত সুমুৱাই। 
                এনেকৈয়ে আহা তুমি বৰদৈচিলা
                বহুতে বোলে তোমাক শিল ধুমুহা
                কেতিয়াও নাহিবা তুমি হৈ নিৰাশা 


                   ◾গীতিকা শইকীয়া নাথ
                       পানেৰী হাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)