সন্ধিয়া-শিল্পী দাস

©Admin
0
ৰঙা বেলিটিয়ে বিদায় ল'লে
আকৌ কালি আহিম বুলি কয়,
ক'লা পোছাক পৰিধান কৰি
সন্ধিয়াক আঁকোৱালি লয়।
মৃদু মলয়া শান্ত বতাহজাক
নীৰৱতাৰে ভাঁহি আহে,
দুখৰ ছাঁ লৈয়ো যেন
আধাৰত জোনে হাঁহে।
অদ্ভুত এক সৌন্দৰ্য্যময়
কলা আৱৰণে সাজিছে,
চৰাইবোৰেও উতাল-মাতালে
সুখৰ আনন্দত নাচিছে।
জোনাকীয়ে পোহৰ বিলোৱাই
হালি- জালি খেলে,
আবেগিকময় হৃদয়ে মোৰ
প্ৰেমৰ পাহি মেলে।
গভীৰতাৰে মায়াত পৰোঁ
প্ৰকৃত প্ৰেমিকজনৰ,
প্ৰকাশ কৰিব আগ্ৰহী হওঁ
গোপনীয় কথাবোৰ মনৰ।
ৰং সানিছে হৃদয়ত
সন্ধিয়াৰ আগমনে,
দিৱসৰ অন্তিমে আহে 
মোৰ প্ৰিয় মহুৰ্ত প্ৰতিদিনে।

                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)