কদম নন্দিতা আৰু কাশ্মীৰা বৰ ভাল বান্ধৱী আছিল।দুয়ো গাঁওৰ পৰিবেশত ডাঙৰ-দীঘল হোৱা ।তেনেই সহজ সৰল ছোৱালী আছিল ।দুয়ো উচ্চ শিক্ষাৰ বাবে গাওঁৰ অলপ দূৰত অৱস্থিত মহাবিদ্যালয়খনত নামভৰ্তি কৰিছিল। নন্দিতাৰ সপোন আছিল যে হিন্দী বিষয়ৰ এগৰাকী প্ৰবক্তা হোৱাৰ , সেইবাবেই গাওঁৰ পৰা অলপ দূৰত অৱস্থিত মহাবিদ্যালয়খনত নামভৰ্তি কৰিছিল। গাওঁৰ ওচৰৰ মহাবিদ্যালয় খনত হিন্দী বিষয়টো নথকাৰ বাবেই তেওঁ চহৰ ভাল মহাবিদ্যালয় খনত নামভৰ্তি কৰিলে। বুকুত সপোনবোৰ লৈ নন্দিতাই ভাল দৰেই পঢ়া-শুনা কৰি দিন বোৰ অতিবাহিত কৰিছিল।কাৰণ তাইক লৈ ঘৰৰ সকলো সপোন দেখিছিল মা দেউতাকে যাৰ বাবে তাইক এখন ভাল মহাবিদ্যালয়ত নামভৰ্তি কৰি দিছিল । এনেদৰেই সপোনবোৰ লৈ মহাবিদ্যালয়ৰ সময়বোৰ পাৰ কৰিছিল ।
সময়ৰ সোঁত কিছুমান মানুহ সলনি হয় কিন্তু নন্দিতাই একোৱেই সলনি হোৱা নাছিল। কাৰণ তাইৰ পাছত বহু সপোন আছিল।তাইক লৈ মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীয়ে মনে মনে এটি প্ৰেমৰ সম্পৰ্ক বাবে ৰৈ আছিল । কিন্তু তাইক কেনেকৈ ক'ব কাৰণ তেওঁ একেখন মহাবিদ্যালয়ৰ তেওঁ হ'ল কৰ্মচাৰী আৰু হ'ল ছাত্ৰী । তেওঁ সদায় তাইক দেখি কিন্তু ক'বলৈ নোৱাৰে ।
তাই ও মহাবিদ্যালয়ৰ কৰ্মচাৰী বুলি সন্মান কৰে । সেইবাবেই তেওঁ কʼবলৈও বেয়া পাইছে । এনেদৰে দিনবোৰ পাৰ কৰিছিল । তেওঁ মনৰ কথাবোৰ মনতেই সাঁচি ৰাখিছে । সময় সুবিধা পালে ক'ব । তথাপিও তেওঁ তাইৰ লগত কথা পাতি থাকে । কিন্তু গম নাপায় । নন্দিতাৰ ঘৰখন অৰ্থনৈতিক দিশত অলপ দুৰ্বল আছিল।
মহাবিদ্যালয়ত তেতিয়া অনলাইন ক্লাছ আৰম্ভ হৈছিল ।কাৰণ মহামাৰী কʼৰোনাৰ মহাবিদ্যালয় বোৰ বন্ধ আছিল ,যাৰবাবে ক্লাছ বোৰ অনলাইন কৰিছিল। যাৰবাবে মহাবিদ্যালয়ৰ কৰ্মচাৰী জনে নন্দিতাক মোবাইল ফোন এটা কিনি দিছিল । কিন্তু নন্দিতাই বুজি পোৱা নাছিল যে- কিয়? মোবাইল ফোন টো দিছে। নন্দিতাই ভাবিলে যে মৰমত দিছে বুলি গ্ৰহণ কৰিলে । এনেদৰেই অনলাইন ক্লাছ বোৰ কৰি গৈছিল।সময় সোঁতত আৰু পৰিস্থিতিৰ সপক্ষে লক্ষ্য ৰাখি মহাবিদ্যালয় বোৰ খুলিছিল ।এটা দুটাকৈ ক্লাছ বোৰ আৰম্ভ হ'ল । লাহে লাহে আগৰ দৰে ক্লাছ বোৰ হ'ব ল'লে।এদিন ক্লাছ কৰি নন্দিতা আৰু কাশ্মীৰা দুয়ো বহি কথা পাতি আছিল। হঠাৎ মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিন্টুয়ে তেওঁ লোকৰ ওচৰলৈ আহিল । দুয়োৰ কাষত বহি সিও আগভাগ ল'লে, তেওঁ লোকৰ কথাৰ। নন্দিতা আৰু কাশ্মীৰে বুজি নাপালে যে কোনো দিন এনেদৰে আহি নবহে কিন্তু আজি কিয় ? বহি আছে বুজি পোৱা নাছিল।
দুয়োজনীৰ কথা শুনি শেষত ৰিন্টুয়ে কথা আৰম্ভ কৰিলে।ৰিন্টুয়ে ক'লে -নন্দিতা তোমাক মই কথা এটা ভাবি আছোঁ কিন্তু ক'ব পৰা নাই অʼ।আজি কম বুলি ভাবিছোঁ তুমি বেয়া নাপাবা । কিন্তু মই তোমাক অকলেহে কম । নন্দিতাৰ মনত কথাটো শুনিবলৈ বৰ মন গ'ল ।তাই কাশ্মীৰাৰ পৰা আঁতৰি আহিল । নন্দিতাই ক'লে- কওক চোন কি ? ক'ব- ৰিন্টুয়ে ক'লে- মই তোমাক দেখাৰ পৰা থাকিব নোৱাৰা হৈছোঁ অʼ। নন্দিতাই ক'লে-এই আপুনি কি কৈছে ?
ৰিন্টুয়ে ক'লে-উম!সচাঁকৈ ।তুমি কি কোৱা ?
নন্দিতাই মনে মনে তাৰ পৰা আঁতৰি আহিল।তাই একো উত্তৰ নিদিলে । উত্তৰ নিদিলে ।ৰিন্টুয়ে উত্তৰ বিচাৰি সদায় তাইৰ পাছে পাছে ঘূৰি থাকে । নন্দিতাই কাশ্মীৰাক কথাবোৰ ক'লে । কাশ্মীৰাই ক'লে যে-ঐ নন্দিতা ৰিন্টু দাই কি ক'লে ? নন্দিতাই কাশ্মীৰাক ক'লে- মোক ভাল পাওঁ বুলি কৈছে । তই কি কʼলি?নাই মই একো কোৱা নাই ।কাশ্মীৰাই ক'লে-উম! উত্তৰ নিদিবি ভাল নহয় মানুহজন । নন্দিতাই কাশ্মীৰাক ক'লে - ইমান ডাঙৰ মানুহ জন লগত মই ভাল পাওঁ ক'লে মোক ঘৰ মানুহে খেদিব।কাশ্মীৰা কথা শুনি নন্দিতাই উত্তৰ নিদিলে।ৰিন্টুয়ে সময় সুবিধা লৈ এদিন নন্দিতাৰ ঘৰলৈ ওলাল । এনেকৈ দিনবোৰ পাৰ হৈ গ'ল, তথাপিও উত্তৰ নিদিলে। এনেকৈয়ে ৰিন্টুৰ মনত এক প্ৰতিশোধৰ ভাব জাগি উঠিল । তেওঁ মনত পৰিকল্পনা কৰিলে যে তাই মোৰ জীৱনত যদি নাহে বা মই সোধা প্ৰশ্নটোৰ উত্তৰ নিদিয়ে, মই তাইক সুধাই নেৰো ।তেওঁ এনেকৈ মনত জেদ ভাব বান্ধি থৈছিল । দিনবোৰ পাৰ হৈ গ'ল ।
সিদিনা পৰীক্ষালৈ বুলি নন্দিতা আৰু কাশ্মীৰাই ঘৰ পৰা ওলাই গ'ল ।দুয়ো পৰীক্ষাত বহে।প্ৰায় ১২:৩০বজাত পৰীক্ষা শেষ হ'ল ।কাশ্মীৰাই দেউতাক ফোন কৰি মাতিলে যে দেউতা মোৰ পৰীক্ষা শেষ হ'ল আহা লৈ যাবা।কাশ্মীৰাৰ দেউতাকে স্কুটি এখন লৈ মহাবিদ্যালয় পালে গৈ ।দুয়ো জনীয়ে দেউতাকলৈ বাট চাই আছিল ।ৰিন্টুয়ে দুয়োজনীক একে লগে দেখি সি তাৰপাৰ আহি মনত ভাবি ৰখা কথাটো আজি বাস্তৱ ৰূপ দিবৰ বাবে তেওঁ প্ৰস্তুতি কৰি আছিল। কাশ্মীৰা দেউতা আৰু নন্দিতাই ঘৰলৈ বুলি আহি আছিল । তেওঁলোক ধেমাজি চহৰৰ মাজ মজিয়া পাইছিল । হঠাৎ ৰিন্টুয়ে হাতত দা এখন লৈ প্ৰথমে কাশ্মীৰা দেউতাক আঘাত কৰে ,তাৰ পিছত কাশ্মীৰাক আঘাত কৰে।পিছত নন্দিতাক মূৰত দা ৰে ঘপিয়াই দিয়ে। নন্দিতাই ৰাজপথত ধউলি পৰিল। তাই মাক লৈ ফোন কৰিলে ।তাই মুখৰ পৰা অকল মা শব্দটো হে শুনিলে মাকে ।চহৰ সকলো মানুহৰ মাৰ ধৰ লাগিল ।আন ফালে ৰিন্টুয়ে হাতত দা এখন লৈ এখন হাবিত সোমাইছিল ।পিছে পিছে পুলিচে খেদি নিলে ।ৰিন্টুক পুলিচে গ্ৰেপ্তাৰ কৰে ।ৰাজপথত মানুহৰ ভিৰ কোনোবাই মূৰত কাপোৰ বান্ধিছে ,কিন্তু মূৰৰ তেজ বন্ধ নহয় । তেওঁলোক ততাতৰিয়াকৈ আঘাত প্ৰাপ্তক চিকিৎসা লৈ প্ৰেৰণ কৰে। নন্দিতাৰ মূৰৰ পৰা অধিক তেজ বৈ যোৱাৰ বাবে ধেমাজি চহৰ চিকিৎসকে নন্দিতাক উন্নতমানৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা লৈ প্ৰেৰণ কৰে। নন্দিতাই পাচঁদিন পাচঁৰাতি মৃত্যুৰ লগত যুজঁ দি গ'ল । কিন্তু মূৰত বেচিকৈ আঘাত পোৱাৰ বাবে অৱশেষত চিকিৎসকে হাৰমানি দিয়ে । হঠাৎ ছয়দিনৰ দিনা প্ৰায় ৩:৩০বজাত নিয়তিৰ বাণীয়ে নন্দিতাক মেৰিয়াই বান্ধি এই পৃথিৱীএৰি চিৰদিনৰ বাবে গুচি গ'ল। এই কথাটোৱে সমগ্ৰ ৰাজ্য লগত মহাবিদ্যালয়ত এক শোকৰ ছাঁ পৰিল । মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সকলৰ সমিতিয়ে উত্তাল প্ৰতিবাদ কৰিছিল,
যে দুখীক উচিত শাস্তি দিবলৈ ।ৰিন্টুক উচিত শাস্তিৰ বাবে জেললৈ লৈ যায় ।সাত বছৰলৈ কাৰাবাস খাটিব লগা হ'ল, যদিও বহু জনতাৰ প্ৰতিবাদত ৰিন্টুক অৱশেষত ফাঁচি কাঠত উলমাৰ কথা দিলে চৰকাৰে ।
নন্দিতাই ভবাই নাছিল যে, প্ৰেমৰ বাবে নিজৰ জীৱনক হেৰুৱাব লগা হ'ল।ভবাই নাছিল যে প্ৰেমৰ প্ৰতিশোধ এনেদৰে লৈ বুলি ।ফুল কোমলীয়া বয়সত প্ৰেমৰ অভিযোগত নিজৰ জীৱনটোক ধ্বংস কৰিলে।বহু সপোন বুকুত মৰহি গ'ল ,চিৰ দিনৰ বাবে । নন্দিতাৰ আত্মাক ন্যায় দিবলৈ সক্ষম হ'ল চৰকাৰে। তেওঁৰ আত্মাই আজি শান্তি পালে , ঘাটক ৰিন্টুক ফাঁচি দিয়াৰ বাবে লগতে নন্দিতাৰ ঘৰখনো তাইৰ ন্যায় বিচাৰি পালে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ