শ্ৰমিক দিৱস বোপাই -লহৰজ্যোতি মৰাণ

©Admin
0
পুৱা-গধূলি পেটত নপৰে ভাতৰ
দেহা নোজোৰে ভাগৰ 
এমুঠি খাদ্য বাবে কিমান
সংগ্ৰাম কৰিব লাগে;
কিমান কষ্ট কৰিব লাগে
আমাকে শোধ বোপাই 
আমাকে শোধ 
আজি কালি তোমালোক
আধুনিক যুগ বুলি মোবাইল, কম্পিউটাৰ
চচিয়েল মিডিয়া পৃথিবীত ব্যস্ত
খবৰ ৰাখিছনে বোপাই 
পিছত কিমান সংগ্ৰাম কৰিব লাগিব
যিদিনা ঘৰ পাতিবা
সংসাৰ চলাবা ! 
তেনেকৈ থাকিলে নহয় অ' বোপাই
কৰ্ম কৰ কৰ্মত সৰু বৰ নাই
আজি সকলো ব্যস্ত পৃথিৱী
মই পৃথিবীৰ পৰা বিদায় মাগিলে
বুজিবি বোপাই মোৰ কথাবোৰ 
সহৃদয়ে উপলব্ধি কৰিবি
সঁচা হৈছিল নে মিচা!
ৰজা ঘৰিয়াই পঁজাৰ দোষবোৰ
নুবুজে বুজিব লাগিব তঁহতে বোপাই
কিমান আৰু ৰজা ঘৰিয়াই দুৱাৰে দুৱাৰে 
ঘূৰি ফুৰিবি বোপাই কৰ্ম কৰ বোপাই কৰ্ম কৰ। 
ভগৱান আছে যদি এদিন চকু মেলি চাব
কৰ্ম কৰ বোপাই কৰ্ম কৰ ;
গান্ধিজীয়ে কৈছে কৰ্মই পৰম ধৰ্ম 
গান্ধিজীৰ কথা মান বোপাই গান্ধীজীৰ কথা মান। 
                                       
✍️লহৰজ্যোতি মৰাণ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)