নিজৰ ভৰিখন কাটি ল'লে
লেঙেৰাই লেঙেৰাই খোজ দিলে
কিন্তু স্বাধীনভাবে যাবলৈ ধৰিলে।
কাৰো অধীনত থাকি গোলাম নহ'লে
ভৰিখন কাটি পিছফালে এইবাৰো নাচালে
কাৰণ তা'ত কোনো স্বাধীনতা নাছিলে
মুক্তি হ'ল শিকলিৰ পৰা ,বহু দূৰ গৈ পালে।
শ্ৰমিকৰ দিনবোৰ কিছু এনেকুৱাই হ'বলৈ ধৰিলে
হাজিৰা কম কিন্তু কাম বহুত জাপি দিলে
বছৰটো শেষেই নহয় বিপদত পৰিবলৈ ধৰিলে
সহায়,সহযোগিতা কোনো কৰ্মচাৰীয়ে নাপালে ।
শ্ৰমিক দিৱসৰ শুভেচ্ছা জনাই আৰু গুছি গ'ল
কোন ধনী হ'ল, কোন নামদাৰী হ'ল
কোন প্ৰজা ক'লৈ গ'ল
দিন ,মাহৰ হিচাপ নাইকিয়া হ'ল ।
এনেকৈয়ে সিদ্ধান্ত হ'ল
আঠ ঘন্টা কাজ হ'ল
দৰমহা দুঘণ্টাৰ দিয়া হ'ল
জয় হ'ল, জয় হ'ল
কৰ্মচাৰীৰ লোকচান হ'ল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ