তিনি আলিলৈকে আগুৱাই দিছিল
কৈছিল এটা কথা বাৰে বাৰে
বাবা ভালকৈ যাবা কৰ্মস্থলি লৈ
দিনটোত বহুবাৰ ফোন কৰি সুদিছিল
কি কৰি আছো কিবা খালা নে?
পুহমহিয়া জাৰৰ মাজ ৰাতি
আহি দেখিছিলোঁ বহি আছিল
মোৰ বাবে অপেক্ষা কৰি
খোৱা নাছিল ভাত নাহা লৈকে মই
প্ৰতিটো কামত আগতীয়াকৈ মাত দিছিল
ইয়াত নাযাবি তাত নাযাবি
এইটো নকৰিবি সেইটো নকৰিবি
ইমান ৰাতি বাহিৰত নাথাকিবি
বহু বিৰক্তি হৈছিলোঁ তেতিয়া
ভাবিছিলোঁ স্বাধীন নহলো আজিও
কল্পনা কৰিব পৰা নাছিলোঁ
মাৰ অবিহনে এটি পল কেনে কোৱা হৈ।
আজি মই মাজ ৰাতি ঘৰ সোমাওঁ
লগৰীয়াৰ লগত দিন কটাওঁ
নোখোৱাকৈ দিন পাৰ হৈ যায়
কোনেও তো নলয় খবৰ আজি।
অফিছলৈ যাওতে গেইটখন
এতিয়া নিজে খোলি উলাওঁ
ৰৈ নাথাকে কোনো আজি
বাৰিৰ সেই তিনি আলিত।
নাহে সঘনাই ফোন আজি
সুধিবলৈ কিবা খালোঁ নেকি বুলি
মা কি অদ্ভূত মৰম আছিলে তোমাৰ
য'ত নাছিল স্বাৰ্থ,,,,
আজি স্বাধীন হৈয়ো মন যায় আকৌ
তোমাৰ সেই পৰাধীনতাক আকোৱালি ল'বলৈ
মা শুধানা আজি আকৌ এবাৰ
বাবা কিবা খালি নেকি বুলি
বাৰুকৈয়ে আজি মনত পৰিছে মা
তোমাৰ তাহানিৰ নিভাঁজ মৰম বোৰ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ