চিত্ৰলেখাৰ হাতৰ পৰশত জী উঠে -বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ

Rinku Rajowar
0
কোনোবা যুগৰ  তুমি চিত্ৰলেখা
চিত্ৰলেখাৰ হাতৰ পৰশতেই উঠে জী
মৰা জীয়া  মানুহবোৰ হাঁহি হাঁহি
তুমি কৃষ্ণৰ নাতি  অনিৰুদ্ধৰ পত্নীৰ সুখী
তুমিয়েতো অনিৰুদ্ধৰ আঁকিছিলা ছবি
ঊষাই দেখা সেই সপোন কোঁৱৰৰ।

দেৱালত অঁকা ছবিয়ে কথা কৈ
তুমিয়েতো ক'ত  যুগ-যুগৰ  চিত্ৰলেখা
ঊষাৰ সপোন কোঁৱৰক আঁকিলা
তুমি জানো তাক কেতিয়াবা দেখা পাইছিলা 
তুমিতো নহয় যে  কম আশীৰ্বাদ পোৱা
তুমি ক'ত  যুগ- যুগৰ চিত্ৰলেখা।

কোনোবা যুগৰ তুমিয়ে চিত্ৰলেখা
অনিৰুদ্ধৰ দৰে তুমি মোৰো ছবি অঁকা
মোক জানো  তুমি  ভাল  নোপোৱা
আঁকিব জানো বুলিয়ে অহংকাৰ নকৰিবা
অহংকাৰৰো যে  পতন  হৈ  কেতিয়াবা
আঁকা মোৰ এটি  ছবি  চিত্ৰলেখা।

কোনোবা যুগৰ  তুমি চিত্ৰলেখা
চিত্ৰলেখাৰ হাতৰ পৰশতেই উঠে জী
মৰা জীয়া  মানুহবোৰ হাঁহি হাঁহি
তুমি কৃষ্ণৰ নাতি  অনিৰুদ্ধৰ পত্নীৰ সুখী
তুমিয়েতো অনিৰুদ্ধৰ আঁকিছিলা ছবি
ঊষাই দেখা সেই সপোন কোঁৱৰৰ।


   🖋️বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ
        ঘৰ:- কাকী
        জিলা:- হোজাই লংকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)