স্বাভিমানৰো আহুতি দিব নোৱাৰো
উকমুকাই থকা কথাবোৰ, ভাৱবোৰ
ৰʼদঘাই পথাৰৰ বকিয়ালৈ ..
সজাই পৰাই উলিয়াই আনো ।
কবিতায়ো নাজানে
কিমান উদঙাব পাৰিলে তাৰ শৰীৰ ভৰে
অলংকাৰৰ প্ৰাচুৰ্যই কবিতাৰ
নিলোৰ্ভ ভাস্কৰ্য ঢাকিব নোৱাৰে;
কলহৰ পানীত জানো সাগৰৰ বিশালতা থাকে?
চকুৰ মণিত তৰা নেদেখা হৃদয়ে জানো
অনুৰাগৰ ছবি আকিব পাৰে?
কবিতা কেনেকৈ লিখে মই জনা নাই
সেয়ে চাগে আজিলৈকে
মোৰ শব্দৰ ছন্দ মিলা নাই
কবিতা কেনেকৈ লিখে?
কেনেকৈ কবিতাত নিপুণ শব্দশৈলীৰ
অমৃত জলৰ সৃষ্টি কৰে...
তেজাল অনুভৱৰ শক্তিশালী প্ৰকাশ
নোৱাৰোঁ কৰিব মই
প্ৰেমানুভূতিৰ হৃদয়স্পৰ্শী উপস্থাপন কৰিবলৈ
কʼত বিচাৰো মই শব্দ শয়ন !
কাৰণ মই যে নহওঁ
কাব্যিক জগতৰ এজন সবল খেতিয়ক...!
নাই মোৰ কবিতাত ...
উৎকৃষ্টতম শব্দপুঞ্জৰ মায়াজাল...
মোৰ ব্যৰ্থতাৰ শুকান মৰুত
কেনেকৈ সৃষ্টি হʼব কবিতাৰ ...
কাৰণ মই যে নহওঁ কবি..
কাব্যিক জগতৰ এজন অভিঞ্জ মুনি ।।
✍️পৰিস্মৃতা দত্ত, শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ