কবি আৰু অনুভৱী-সূৰজ বৰ গোঁহাই

Rinku Rajowar
0
কিনো লিখিম কবিতা
জানাই চোন মোৰ সকলো কথা 
শব্দৰে সজাই দিলেই জানো
এই কথাবোৰ কবিতা হৈ পৰিব?
দুই এটা কবিতা লিখিয়েই জানো
"মই কবি " বুলি আনক বঢ়াই কোৱাটো
উৰ্চিত হ'ব?

মই মাত্ৰ অনুভৱীহে
কবি হোৱাটো এক যোগী
শব্দৰ সাধনা তাৰ মূল,
কিন্তু কবিতা সকলোৱে লিখিব পাৰি
কবি সকলো নহ'বও পাৰে.....

এই যে মই মোৰ মন প্ৰশান্তিৰ বাবে
দুষাৰি মান কবিতা লিখিলোঁ
এমুঠি আবেগ কাৰুণ্য সিঁচি,
সেয়া কবিতা হ'ব পাৰে
কবি নহয়...
সেয়া‌ কেৱল নিজেই নিজৰ বাবে কবি
কলম -কাগজৰ সৈতে এটা খেলা,

কবি এক বিশ্ব জনীন আবেগ 
তেওঁৰ কবিতাই মানুহৰ হৃদয় আলোড়িত কৰে,
শুই থকা সত্যবোৰ পোহৰাই তোলে,
মানুহৰ কাণ-চকুত নতুন অনুভূতি দিয়ে...,
শুকান সৰাপাত খিলাও কিয় বাৰু তেওঁৰ ভাষাত
অৰ্থটো গভীৰ হৈ পৰে?....

মই মোৰ আবেগ অনুভূতিৰ বাবেহে কবি
মোৰ শব্দই যদি আজিলৈকে
কাৰোৰে হৃদয় স্পৰ্শ কৰা নাই
মই তেনে কবি হোৱা নাই
যাৰ শব্দই মোৰ হৃদয়ক চুইছে
সেই সকলহে কবি
মই নহয়‌ কবি
মই অনুভৱীহে....।।।।

◾সূৰজ বৰ গোঁহাই , ধেমাজি
                                                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)