মই শ্ৰমিকে কৈছোঁ-সীতা দেৱী

©Admin
0
মই শ্ৰমিকে কৈছোঁ,
সংগ্ৰাম কেৱল সংগ্ৰাম
জীৱনজোৰা সংগ্ৰাম।
কাঁইটীয়া পথ,
এমুঠি অন্নৰ বাবে,
জীয়াই থকাৰ বাবে,
শ্ৰম, কেৱল শ্ৰম
হাড়ভঙা শ্ৰম।
শেলুৱৈ ধৰা জীৱনৰ
এবুকু বিষাক্ত বোজা।
জৰ্জৰিত হৃদ‌য়খনত
উন্মুক্ত কাঁইটৰ খোচ।
ঘৰ্মাক্ত দেহা আৰু দীঘল হুমুনিয়াহ,
শ্ৰম কেৱল শ্ৰম।
তুমি সুখী হোৱা,
মই জীয়াই থাকিলেই হ'ল।
কংকালৰ দৰে মই
আৰু মোৰ পৰি‌য়াল ।
এমুঠি অন্ন, লাজ থাকিবলৈ এখনি বস্ত্ৰ,
আকাশৰ তৰা গণিব পৰাকৈ ঘৰৰ মুধচ।
হাড় ভঙা পৰিশ্ৰমৰ পৰিণাম
হয়তো এয়াই মোৰ জীৱন।
তুমি সুখী হ'লেই হ'ল,
ৰাজভোগ খোৱা,
ৰাজ অট্টালিকাত থাকা।
আৰু মই অহৰহ যুজঁ দিওঁ,
শ্ৰম কৰোঁ , 
জীয়াই থাকিবলৈ সংগ্ৰাম কৰোঁ।।

*সীতা দেৱী, বিহপুৰীয়া।*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)