জোনমণি-নিবাৰণ ৰাভা

©Admin
0
তোমালোকে নিবিচৰা কবিতাটি মই বিছাৰিছিলোঁ
নিবিচৰাৰ আত্মগোপনৰ অনুসন্ধানত
ভাওৰীয়াই ভাও দি নাচে ৷

আমি ভাওৰীয়াৰ দৰ্শক
হতাশাৰ নাট চাই ৰৈ জনগণ
সঠিক বচন সাৰথি কৰি
পামনে এজন সঁচা মানুহ ?

ৰাজ্যৰ আকাশ বতাহ কঁপোৱা মৃত কবিতাটি
জগাই তুলিব বিচৰা এজাক নিস্বাৰ্থ মানুহ
অসমৰ ৰাজপথে ৰাজপথে প্ৰতিবাদী কণ্ঠৰ
তৰঙ্গ তুলি নিতৌ চিঞৰিছে সমস্বৰে 
আমাক উচিত বিচাৰ লাগে ৷

কাৰ জিন্দাবাদত সিহঁতে জীয়াই আছে
একোখন নকল মুখ লৈ
নকল ৰজাৰ দেশত 
প্ৰজাসকলকো নকল সজোৱাৰ পৰিকল্পনা জানো
বাস্তৱ হ’ব কাহানিবা ?

ক’ত হেৰাল মৃত কবিতাৰ শব্দ
ক’ত হেৰাল জীৱিত মাতৃৰ প্ৰশ্ন
ক’ত হেৰাল কাণে কাণে কোৱা টেলিফোনিক বাৰ্তা
ক’ত হেৰাল নালিয়া
ক’ত হেৰাল কালিয়া ?

উত্তৰৰ মুখবোৰ কোন চোৰে লুকালে
আমি নাজানো আমি নাজানো
আমাক ন্যায় লাগে মাথোঁ ন্যায় লাগে 
জয় মৃত কবিতাৰ জয় 
জয় মৃত কবিতাৰ জয় ৷৷

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)