সমাজত নাৰীৰ ভূমিকা -ছেলিমা বেগম

©Admin
0
আমাৰ সমাজত নাৰীৰ ভূমিকা সৰ্বজন নাৰীৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এখন সমাজৰ নাৰী হল ভেঁটী নিচিনা। এখন ঘৰৰ ভেঁটী নাথাকিলে ঘৰ খনৰ শোভা নাপায় ঠিক সেইদৰে এখন সমাজত নাৰী নাথাকিলে সমাজৰ মাজত স্বাৱলম্বী হৈ নাথাকে। নাৰী সকল সমাজৰ দায়িত্ব গুৰুত্বপূৰ্ণ বাবে লোৱা উচিত। এজন আদৰ্শ নাৰীয়ে সমাজ খন আগুৱাই লৈ যাব পাৰে। নাৰীক পুৰুষৰ তুলনাত যদিও আগুৱাই যাব নোৱাৰে তথাপিও নাৰীক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব। উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যত সম্বন্ধে নাৰীসকলে চকু দিব লাগিব যাতে কোনো ধৰণৰ কু কৰ্মত লিপ্ত হৈ সমাজৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে সচেতন হৈ থাকিব লাগিব। শিক্ষিত নাৰী সকলে অশিক্ষিত নাৰী সকলক বহুত কথা বুজাই দিব লাগিব। জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহু কথা শিকাব লাগে যাতে পৰিয়াল পৰিকল্পনাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে। অধিক সন্তান জন্ম দিয়াৰ পৰা বঞ্চিত হৈ থাকে। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ মাজত থাকিলে হে সমাজখন উন্নতিৰ পথেৰে গতি কৰিব পাৰিব। মাদক দ্ৰব্যৰ ব্যৱহাৰ যাতে সমাজত আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব সমাজৰ নাৰী সকলে। আমাৰ সমাজত এখোজ আগুৱাই নিয়াৰ ব্যৱস্থা কৰিব পাৰিলে আমাৰ ভাল। আমাৰ সমাজ আমাৰ ভবিষ্যত বিপদমুক্ত হম আমি আমাৰ  সন্ধানৰ ফলাফলসমূহ আমাৰ মাজৰ নাৰী সকলে দেখুৱাব লাগিব। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ সকলোৰে" ভেটি বজাৰ ভেটি পৰাও " এই কথা সমাজৰ নাৰী সকলৰ বাবে, নাৰী সৱলীকৰণ যোগেদি এই কথা পালন কৰিব লাগিব। আজি কালি চৰকাৰে বহুত সুবিধা কৰি দিছে আৰু মহিলাৰ বাবে বিভিন্ন আঁচনিৰ ব্যবস্থা অৱলম্বন কৰি দিয়া হৈছে। দৰিদ্ৰৰ সীমাৰেখাৰ তলত বাস কৰা 
সকলো মহিলাই যাতে এই সুবিধা লাভ কৰিব পাৰে তাৰ বাবে সচেতন হোৱাটো প্ৰতিজন নাৰীৰ কৰ্তব্য। 
নাৰী সকলে সমাজৰ বিভিন্ন ধৰণৰ আন্দোলন কৰি নিজৰ সমাজৰ উন্নতি সাধন কৰিব লাগিব তেতিয়া সমাজখন নিজে নিজে আগবাঢ়ি যাব। নাৰীৰ ভূমিকা সমাজত অতুলনীয় সেয়েহে আমি নাৰীসকলে সমাজখনক আগবঢ়াই নিবলৈ হাতে কামে উঠি পৰি লাগিব। 

আজিৰ নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু সমাজৰ
 দায়বদ্ধতা 
নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ সকলোৰে বাবে প্রয়োজন ।এজনী আদৰ্শ নাৰীয়ে নিজৰ পৰিয়ালৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে আদৰ্শ থাকিব লাগিব। শিক্ষাই মানুহৰ জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱায়। এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে দেশখনৰ শিক্ষাৰ ওপৰত। সেই শিক্ষাৰ গুৰুত্বপূৰ্ণ হৈছে নাৰী শিক্ষা ।নাৰী হল মাতৃ এজনী নাৰী যেতিয়া শিক্ষিত হব তেতিয়া এটা পৰিয়াল শিক্ষিত হব।এজন সু সন্তান গঢ়ি তুলিবলৈ হলে ঘৰত এজনী আদৰ্শ মাতৃ থাকিব লাগিব, মাতৃ হল ঘৰ খনৰ শিক্ষাৰ মূল কঠীয়াতলী।  
         সমাজত আমাৰ নাৰী শিক্ষা অতি গুৰুত্বপূৰ্ণ। 
আমি প্ৰতি গৰাকী নাৰীয়ে ভোগ কৰি অহা নেতিবাচক দিশবোৰৰ পৰা বিপক্ষে থিয় দিব লাগিব। নাৰী শিক্ষাৰ বাবে প্ৰতিগৰাকী মহিলাই সমস্যা সমাধানৰ বাবে বিজ্ঞানসন্মত পদ্ধতিৰে সমাধান কৰিব লাগিব। নাৰী শিক্ষিত হলে হে সকলোদিহতে উন্নতি কৰিব পাৰিম। আমাৰ সমাজত এখোজ আগুৱাই যাব পাৰিম।

আন্তর্জাতিক নাৰী দিৱস পালন কৰা হয় আঠ মাৰ্ছ তাৰিখে গোটেই ভাৰতবৰ্ষতে। নাৰীক সদায় মৰ্য্যদা দিব লাগে, নাৰীক কেতিয়াও নির্য্যতা হবলৈ দিব নালাগে। নাৰীক এখন ফুলনিৰ লগত তুলনা কৰিব পাৰি। নাৰীৰ অন্তৰ সদায় ফুলৰ দৰে প্ৰবিত্ৰ হৈ থাকে। নাৰীৰ অন্তৰ বৰ কোমল আৰু সৰল হৈ থাকে। নাৰী অবিহনে এখন পৰিয়াল গঠন কৰিব নোৱাৰি। 

নাৰীক লৈ সময়ে সময়ে বিভিন্ন ধৰণৰ আন্দোলন কৰি আহিছে। সতি দা পতা বন্ধ কৰি দিয়া হৈছে আন্দোলন কৰি। বাল্য বিবাহ নিষিদ্ধ কৰি অইন প্ৰয়োগ কৰি দিয়া হৈছে। ১৮ বছৰৰ তলৰ কোনো যুৱক যুৱতী যদি বিবাহত আবদ্ধ হয় তেনেহলে চৰকৰৰ আইন অনুসৰি কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেয়ে হে আন্তৰ্জাতিক নাৰীবৰ্ষৰ জৰিয়তে নাৰীক মৰ্য্যদা দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)