ল'ৰালি ধেমালী- ভাগ্যশ্ৰী বিনীতা

©Admin
0
বৰষুণ জাকে মোৰ
স্মৃতিৰ ছবিখন ধুই নিলে
আকাশৰ সাতোৰঙী ৰামধেনুৰ ৰংবোৰে
মনৰ মাজত 
নতুন উদ্দীপনাৰ সৃষ্টি কৰে ......
কাৰ বাবে ......
দাপোনত কাৰ প্ৰতিচ্ছবিৰ ছায়া উজ্বলি উঠিছে
হয়তো!
বৰষুণ জাকে 
পুৰণি স্মৃতিবোৰ ধুই নি
ৰামধেনুৰ সাতোৰঙী ৰংবোৰে
হৃদয়ৰ মাজত 
নতুন ছবি সৃষ্টিৰ আখৰা কৰিছে .....
তথাপি মই
বতাহ-বৰষুণ নেউচি 
আশাৰে ৰ'ম ......
ৰ'দৰ কোলাত ধুলিৰে পাৰ কৰা 
সোণালী শৈশৱৰ সোণালী সময়ৰ বোৰ
দুচকুৰে ছবি আঁকি
হৃদয় জিনিবলৈ ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)