জোঁৰডাল পুৰি
নৌপাওঁতে হাত,
তাৰাতাৰি কৰি
মাছকেইটা কাট।
২/
জোঁৰ এহাতেৰে
জোৰকৈ ধৰিয়ে
এযোৰ মাছ
কাটিলে হৰিয়ে।
৩/
নিশাৰ শেষত
খিৰিকী মেলি,
পোহৰ বিলাই
ওলাল বেলি।
৪/
এজাৰৰ ডাল
কৰি গুলজাৰ,
পখিলা পৰিল
হাজাৰ হাজাৰ।
৫/
প্ৰশ্ন সোধাত
উত্তৰটো কি,
কৃষ্ণই ক'লে
দিশ বুলি।
৬/
উটৰ পিঠিত
দেখি কুঁজ,
পৰুৱাই কৰিলে
তাতে যুঁজ।
৭/
এৰা পৰলীয়া
এৰাৰ বাৰী,
তাতে আনোঁ
গৰু চাৰি।
৮/
এধানমান পাচি
কেইটামান ধান,
সেয়াই আকৌ
ঘৰচিৰিকাৰ প্ৰাণ।
৯/
চেঙৰ লাগি
বেবেৰিবাং,
খালৈ দেখি
এৰিলে খাং।
১০/
টলৌটলৌকৈ ঘূৰি
লটৌৱে পাৰে টকৌ,
এবেলাতে শেষ কৰি
ইবেলা আনে আকৌ।
১১/
শালৰ তলৰ
বিৰাট বেং,
সিয়ো হাতত
লৈছে পেং।
১২/
গৰমত ৰ'ব
নোৱাৰি প্ৰণামী,
ছাদৰ পৰা
আহিল নামি।
১৩/
বৰক ৰ'বলৈ
দি লৈ হৰই,
ৰবৰৰ কথা
সুধিলে থিয়ৈ।
১৪/
জেব্ৰাৰ কথাত
উটে ৰাতি,
পিঠিৰ কুঁজ
পেলালে কাটি।
১৫/
হৰ হৰকৈ
বৰষুণ দিয়াত,
লেঠা লাগিল
হৰৰ বিয়াত।
১৬/
গোহালিৰ গৰু
আখলৰ চৰু,
বৰষুণ নিদিলে
ধৰা হ'ব মৰু।
১৭/
অমৰে বিচাৰি
হেৰোৱা দমৰা,
চুহি ফুৰিছে
পকা অমৰা।
১৮/
ধাৰাপাতত হেনো
হেৰাল চাৰি,
টিঞাই ঘুৰ্মুটিয়াই
ফুৰিছে বিচাৰি।
১৯/
আবেলি খালত
মাৰোতে জাকৈ,
মাছৰ লগতে
উঠিল কাকৈ।
২০/
চিকা কেঁচা
অংক শিকাত,
পণ্ডিতৰ কোব
পৰে টিকাত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ