বৰ্ষাৰ আগমন- বিটুমনী কোচ

©Admin
0
মেঘৰ জখলাৰে নামি আহিল
বৰ্ষাৰ প্ৰথম জাক সুগন্ধি বৰষুণ।
এজাক ধুমুহাই কিৰিলি পাৰি
 সাদৰে স্বাগতম জনাই আলিংগন কৰিলে।
বিজুলী ঢেৰেকনীয়ে সজোৰে 
ডবা শংখ বজাই আদৰণি জনালে।
এজাক পোক -পতংগই মনৰ আনন্দত
উৰুলি ধ্বনিৰে চৌদিশ মুখৰিত কৰিলে।
তেজোদীপ্ত দুপৰৰ অৰুণে লাজৰ
ওৰণি টানি মিচিকিয়া হাঁহিৰে
লুকা- ভাকু খেলিবলৈ ল'লে।
গছ বিৰিখৰ শিৰাই-শিৰাই
প্ৰেমৰ উন্মেষত মাতাল হৈ পৰিল।
সেমেকা-সেমেকা কৰুণ অনুভৱত
দেহ মন পুলকিত হৈ পৰিল।
সৃষ্টিৰ বাকৰিত অনুভৱৰ অনুভূতিৰে  
শব্দৰ ঝংকাৰ উঠিল।
বৰ্ষাৰ আগমনৰ প্ৰথম জাক
বৰষুণৰ নৃত্যৰ মুৰ্চ্ছনাত জাগ্ৰত
ভাৰাক্ৰান্ত পৃথিৱীৰ পৃষ্ঠা আহ্লাদিত হৈ পৰিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)