এজাৰ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নীলাভ নয়নৰ দুষ্ট ভৰা চাৱনিৰে
তোমাৰ ৰঙা আৰু বেঙুনীয়া ৰঙৰ সৌন্দৰ্য্য চাই ৰৈছোঁ
তুমি ফুলা দেখি বেজাৰ কৰা নাই
তুমি ভুলতো নাভাবিবা 
তুমি যে মোক সুখ দিব নোৱাৰা
তোমাৰ হাঁহি দেখি জানানে
মনৰ মাজত সোমাই থকা
অনুভৱবোৰ কবিতা হৈ জিলিকে
তুমি যে বতাহৰ গতিত নাচি উঠা
তোমাক দেখি মোৰ মন প্ৰাণো
আনন্দত নাচি উঠে বাউলী হৈ
এজাৰ মই তোমাক ভাল পাওঁ
অভিমান কৰোঁ জানানে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)