ভাবি থাকোতেই মনত পৰিল নাৰী নিৰ্য্যাতনৰ কথা____
নাৰীৰ প্ৰতি সজাগ কিয়
হোৱা নাই চৰকাৰ
দিনক -দিনে বাঢ়িহে গৈছে
ধৰ্ষণ -বলাৎকাৰ
বীৰ লাচিতৰ স্বদেশ- প্ৰেম
পাহৰি গ'ল সৱে
সকলোৰে চিন্তা কেৱল
নিজ স্বাৰ্থৰ বাবে !
য'তে - ত'তে দালালবোৰে
ৰাজনীতি চলাইছে
হত্যা,লুন্ঠন, মাৰপিট সেয়ে
ক্ষিপ্ৰগতিত বাঢ়িছে ;
ৰাজনীতিৰ মেৰপাকত পৰি,আজিৰ এচাম জোকে,
এফালৰ পৰা শুহি খাইছে
বৰ আনন্দ মনে !
ফাগুন মাহতো অসমত কিয়, বানপানী হ'ব ল'লে?
ঠিকাদাৰ কুম্ভকৰ্ণক এতিয়া জগাব কোনে পাৰে?
নাৰী ধৰ্ষণ, নাৰী নিৰ্য্যাতন
ক'ত কিমান চলিছে
দেশৰক্ষক সাজি কতই
নাঙঠ হৈ নাচিছে
এইবোৰৰ বুজ ল'বলৈ যিবা দুজন আছে
আঙুলিৰ মূৰত লেখিব পাৰি ,
হিচাৱ কৰিব গ'লে!
ভাবি-চিন্তি অসম বাসীলৈ
কৰিলোঁ অনুৰূধ,
নাৰীক কৰা অত্যাচাৰবোৰ
কৰে যেন প্ৰতিৰোধ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ