অকলশৰীয়া মূহুৰ্তত তোমাক সুৱৰিবলৈ চিঠি এখনৰ বৰ প্ৰয়োজন অনুভৱ কৰোঁ। প্ৰেমৰ বৰষুণে তিয়াই পেলোৱা চিঠি এখনৰ মাদকতাই সুকীয়া। কিন্তু, বৰ যান্ত্ৰিক হৈ পৰিছোঁ আমিবোৰ।হোৱাটচ্এপত হাই ,হেল্লো, আদি নিদ্দিষ্ট সময়ত কৰিব লাগে বাবেই এটা ফোন কৰি দিনটোৰ খতিয়ান লওঁ ইজনে সিজনৰ। গতানুগতিক হৈ পৰিছে সকলো। কোনো যেন এক নতুনত্ব নাই। ১৫ মিনিটৰ বেছি কথা পাতিলেটো হয়তো আমাৰ মাজত কিবা প্ৰসংগ লৈ তৰ্ক হয় গৈ। ইমানেই অনুভূতিহীন হৈ পৰিছোঁ নে আমি বোৰ। প্ৰেমৰ আলাপ নকৰি কিছুমান ভিত্তিহীন যুক্তিক লৈ মিছা তৰ্ক কৰোঁ। কিন্তু চিঠিতটো হয়তো তৰ্কৰ লৈ কোনো কথাই নাহে। যাৰ এটা এটা শব্দ লৈ আহিব মোৰ বাবে অযুত সপোনৰ টুকুৰা। হৃদয় উজাৰি লিখা তোমাৰ চিঠি বোৰ সযতনে লুকুৱাই ৰাখিম,মন গ'লেই উলিয়াই পঢ়িম আৰু তুমি তুমি অনুভৱত বুৰ গৈ নিজকে পাহৰি যাম। আমনি লগা নাইনে তোমাৰো? অনুভৱৰ বিনিময় কৰি? সেয়ে কৈছোঁ ফোন নকৰিবা চোন,, চিঠি লিখিবা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ