তুমি আজি বাট পোনালা,
তুমি হয়টো নাজানাই
এই বাটৰ শেষ ক'ত!
মাথোঁ গুচি গ'লা
জীৱনৰ মায়াজাল চিঙি
ভাঙি টুকুৰা টুকুৰ কৰি থৈ
দি গ'লা এবুকু বেদনা,
কোঙা কৰি পেলোৱা
বহু দুখ, যন্ত্ৰণা সাঁচি
ৰাখিবলৈ অৰ্ধমৃত দুটি আত্মা
যি অনবৰতে ইনাই বিনাই থাকিব ।
তোমাৰ সান্নিধ্যৰ প্ৰতিটো
ধ্বনি অন্তৰেৰে গুণ গুণাই ,
কেতিয়াবা কেতিয়াবা ব'বলৈ ল'ব
এক অশ্ৰুনদী,
আকৌ সময়ে সময়ে অনুভৱ কৰিব
তোমাৰ অনুপস্থিতি
কেনেকৈ জীয়াব দুটি জীৱন,
সেয়াই এতিয়া জীৱনৰ
মূল সন্ধিক্ষণ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ